নিউজ ডেস্কঃ
অন্তিমবাৰ ছচিয়েল মিডিয়াত ভিডিও পোষ্ট কৰিছিল ২৮ মে’ত। তাৰ পিছত ২ আগষ্ট। ইয়াৰ মাজত কণমানিটোৰ জীৱনৰ ওপৰেৰে বৈ গৈছে বহু ধুমুহা। হয়, ৰাজ কুন্দ্রা আৰু শিল্পা শেট্টিৰ ডাঙৰ পুত্ৰ ৯ বছৰীয়া ভিয়ান ৰাজ কুন্দ্রাৰ কথাকে কোৱা হৈছে।
বিগত ১৯ জুলাইত পর্ন ছবি নিৰ্মাণৰ অভিযোগত ৰাজক গ্রেপ্তাৰ কৰে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই।
তেওঁৰে পুত্ৰ ভিয়ানে সোমবাৰে নিজৰ ইনস্টাগ্রাম প্রফাইলত মাতৃৰ সৈতে ছবি পোষ্ট কৰে। মাতৃয়ে পুত্ৰক সাবটি ধৰি গালত চুম্বন কৰি থকা ফটো।
উল্লেখ্য, ৰাজে তেওঁৰ এটি কোম্পানীৰ নাম দিছে পুত্ৰৰ নামত। উক্ত ‘ভিয়ান ইণ্ডাষ্ট্ৰিজ’ৰ কেইবাজনো সঞ্চালকৰ ভিতৰত শিল্পা শেট্টীও এগৰাকী। অৱশ্যে উক্ত ঘটনাৰ পিছত তেওঁ নিজৰ পদৰ পৰা ইস্তফা দিয়ে।