![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
টকিঅ বক্সিং ৰিঙত বুধবাৰে ছেমি ফাইনেলত নামিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই। অসম কন্যা জয়ৰ কামনাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰাই প্ৰজ্বলন কৰিলে বন্তি। নেহেৰু ষ্টুডিয়ামত লাভলীনাৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকাও।
আনহাতে অসম বিধানসভাৰ বাজেট অধিৱেশ বুধবাৰে ১১ বজাৰ পৰা আধাঘণ্টা লাভলীনাক উৎসাহ জনোৱা বাবে স্থগিত ৰখা হৈছে। ডঃ নোমল মমিনৰ আহ্বান প্ৰতি সঁহাৰি জনায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰে।













