ASSAM TIMES POST
গুৱাহাটীঃ স্বাধীনতা দিৱস উপলক্ষে আলোকসজ্জাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰে। শ্ৰেষ্ঠ-সুসজ্জিত বিমানবন্দৰৰ ৩ য় পৰ্যায়ৰ প্ৰতিযোগিতাত বিমানবন্দৰটোৱে শীৰ্ষস্থান লাভ কৰে।
একে প্ৰতিযোগিতাৰে ১ ম পৰ্যায়ত শীৰ্ষস্থান লাভ কৰে ত্ৰিবান্দ্ৰম বিমানবন্দৰে। ২ য় পৰ্যায়ৰ শীৰ্ষস্থানত থাকে ভদোদৰা বিমানবন্দৰ।
ইফালে ৩ য় পৰ্যায়ৰ প্ৰতিযোগিতাত বিহাৰৰ গয়া বিমানবন্দৰে দ্বিতীয় স্থান লাভ কৰাৰ সমান্তৰালভাৱে মিছৌৰ আৰু ভূপাল বিমানবন্দৰে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে শেহতীয়াকৈ এই ফলাফলসমূহ ঘোষণা কৰিছে।












