![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অৱশেষত কাৰবি ভাষাৰ বহুদিনীয়া আকাংখাক সাকাৰ ৰূপ দি কাৰবি সকলৰ নিজস্ব লিপিসহ বৰ্ণমালা আৱিষ্কাৰ কৰাৰ দাবী কৰিছে কাৰবি আংলং ইয়ুথ এডুকেছন প্ৰজেক্ট কমিটিৰ উপ-সভাপতি ৰবিনচন টেৰণে ৷ বুধবাৰে ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে ৰবিনছন টেৰণে ৷ সাংবাদিকসকলক সম্বোধন কৰি ৰবিনছন টেৰণে কয় যে, চহকী কৃষ্টি-সংস্কৃতিৰে সম্বৃদ্ধ জনজাতি কাৰবি সম্প্ৰদায়ে বিশ্ব দৰবাৰত নিজকে স্বনিৰ্ভৰশীল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ জন্মলগ্নৰে পৰা অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এইক্ষেত্ৰত কিঞ্চিত সফলতা লাভ কৰে যদিও নিজস্ব ভাষাৰ লিপি আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
আনহাতে বিগত ১৫-১৬ বছৰৰ পৰা জিলাখনৰ ৫-৬ গৰাকী ব্যক্তিয়ে কাৰবি লিপিৰ বাবে প্ৰচেষ্টা চলাইছে যদিও সফল নহ’ল ৷ ৰবিনচন টেৰণে ইয়াকো কয় যে কাৰবি ভাষাৰ নিজস্ব লিপিৰ বাবে তেওঁ যোৱা ২৩ বছৰে নিৰৱাচ্ছিন্ন সাধনাৰ ফলত সাংকেতিক চিহ্নসহ মুঠ ৪৬টা লিপিৰ বৰ্ণমালা আৱিষ্কাৰ কৰা বুলি দাবী কৰে ৷ ইয়াৰে ৩৬টা বৰ্ণ আৰু বাকীসমূহ সাংকেতিক চিহ্ন বুলি মন্তব্য কৰে ৷ উক্ত বৰ্ণমালাৰ সহায়ত সকলোৱে অনায়াহে কাৰবি ভাষাৰ লগতে ইংৰাজী, অসমীয়া, হিন্দী আদি ভাষা লিখিব পাৰিব বুলি কয় ৷ উক্ত লিপিৰ সহায়া কেইবাজন ব্যক্তিয়ে চিঠি লিখি তেওঁলৈ প্ৰেৰণ কৰিছে আৰু তাৰে ৯০ শতাংশই শুদ্ধ হৈছে বুলি তেওঁ জনায় ৷
ইয়াৰোপৰি উক্ত লিপিৰ জৰিয়তে নাম, বৰ্ণনা আদি দিব পাৰিব বুলিও তেওঁ দাবী কৰে ৷ তেওঁ আৱিষ্কাৰ কৰা বুলি দাবী কৰা কাৰবি লিপিসমূহ উচ্ছাৰণ কৰি শুনোৱাৰ লগতে লিপিসমূহ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে ৷ তেওঁ লিপিসমূহ হাতে লিখি আৱিষ্কাৰ কৰি থৈছিল যদিও ইমান দিনে ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল ৷
অৱশেষত জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে তেওঁক উৎসাহিত কৰি কয় যে “আপুনি লিপিসমূহ ৰাজহুৱা কৰক, স্বীকৃতি পায়নে নাপায় সেয়া পিছৰ কথা ৷” উক্ত ব্যক্তিসকলৰ পৰা পোৱা প্ৰেৰণাৰ পিছত তেওঁ আজি কাৰবি ভাষাৰ লিপিৰ বৰ্ণামালা ৰাজহুৱা কৰিলে ৷ পৰৱৰ্তী পৰ্যায়ত কাৰবি সংখ্যা বাবেও প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে হাতে লিখা বৰ্ণমালাসমূহ মুদ্ৰণ আকাৰত প্ৰকাশ কৰিব বুলি জনায় ৷
আনহাতে কাৰবি লিপিৰ বৰ্ণমালা আৱিষ্কাৰৰ দাবীয়ে এশ শতাংশ স্বীকৃতি লাভ কৰে নে নকৰে সেয়া তেওঁ কাৰবি ভাষা সাহিত্যৰ বাবে গৱেষণা কৰা উৰ্দ্ধতন কৰ্তৃপক্ষ আৰু কাৰবি লাম্মেট আমেইৰ বিবেচনাৰ বাবে এৰি দিছে বুলি জনায় ৰবিনচন টেৰণে ৷ ৰবিনছন টেৰণৰ আশাসুধীয়া প্ৰচেষ্টাই কৰবি লিপিৰ বৰ্ণমালাই স্বীকৃতি পালে “কাৰবি হেমপ্ৰেক কাংথিমৰ” সম্বল হিচাপে দাবী কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে কাম কৰিব ৷












