![]()
ছাইদুল ইছলাম
ডিফু : উত্তৰ-পূব ভাৰতৰ তীৰ্থ যাত্ৰীসকলৰ বাবে উত্তৰ-পূব ৰেলৱেৰ তৰফৰ পৰা ভ্ৰমণ যাত্ৰীসকলৰ বাবে এক বিশেষ পেকেজসহ এখনি ৰেলৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে ৷ উত্তৰ-পূব ৰেলৱেৰ ইণ্ডিয়ান ৰেলৱে’ কেটাৰিং এণ্ড টুৰিজিম কৰপেৰেশ্যন লিমিটেড চমুকৈ আৰচিটিচিৰ উদ্যোগত আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত ৰেল বিভাগে ভ্ৰমণ যাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰা হয় ৷ সংবাদমেলত বিশেষ পৰ্যটক ৰেলখনৰ সবিশেষ উল্লেখ কৰি কয় যে, “ভ্ৰমণ যাত্ৰী বিশেষ পৰ্যটক ৰেল” শীৰ্ষক ৰেলখনৰ জৰিয়তে ‘প্ৰাণৱন্ত গোৱা’ (ভাইভ্ৰেণ্ট গোৱা) শীৰ্ষক এক পেকেজ মুকলি কৰি দিয়া হৈছে ৷
অহা ত্ৰিশ ছেপ্তেম্বৰত ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটী, নিউ জলপাইগুৰী হৈ ৰেলখনে গোৱাত উপস্থিত হ’বগৈ ৷ উক্ত ৰেলযোগে গোৱা ভ্ৰমণত যোৱা ৰেলযাত্ৰীসকলে চাৰিদিন আৰু তিনিটা নিশা গোৱাত থকাৰ লগতে গোৱাৰ আকৰ্ষণীয় পৰ্যটনথলীসমূহ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব ৷ সৰ্বাধিক ছশ যাত্ৰী যাব পৰা ৰেলখনত শ্লীপাৰ আৰু শীত-তাপ নিয়ন্ত্ৰিত দুয়োটা ব্যৱস্থাৰে যাত্ৰীসকলে ভ্ৰমণ কৰাৰ ব্যৱস্থা থাকিব বুলি সংবাদনমেলত উল্লেখ কৰা হয় ৷ যাত্ৰীসকলৰ বাবে প্ৰতিটো দবাতে নিৰাপত্তাৰ ব্যৱস্থাও ৰখা হ’ব ৷
যাত্ৰীসকলে আগৰতলাৰ পিছতে বদৰপুৰ, লামডিং গুৱাহাটী, নিউ বঙাইগাওঁ, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি, আৰু মালদাত ৰেলত উঠিব পাৰিব ৷ শ্লীপাৰ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে ভাড়াৰ মূল্য ১১,৩৪০ টকা, হোৱাৰ বিপৰীতে শীত-নিয়ন্ত্ৰিত দবাৰ যাত্ৰীসকলৰ বাবে টিকটৰ মূল্য ১৮,৯০০ টকা ৷ এই মূল্যৰ ভিতৰতে যাত্ৰীসকলৰ অহা-যোৱা, থকা-মেলা ফুৰা-চকা যাত্ৰী বীমাকে ধৰি সকলো সকলো ব্যয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সংবাদমেলত অৱগত কৰা হৈছে ৷ যাত্ৰীসকলে টিকটৰ বাবে আইআৰচিটিচিৰ ৱেৱছাইটযোগে অথৱা আইআৰচিটিচি অনুমোদনপ্ৰাপ্ত টিকট এজেণ্টৰ পৰাও এই টিকট সংগ্ৰহ কৰিব পাৰিব ৷
ত্ৰিছ ছেপ্তেম্বৰত আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি পুণৰ ১১ অক্টোবৰত আগৰতলাত যাত্ৰাৰ সামৰণি মাৰিবলগীয়া এই যাত্ৰাত যাত্ৰী সকলে গোৱাৰ আকৰ্ষণীয় পৰ্যটন ক্ৰমে, দোনা পাওলা, কালানগুট, বাঘা,মীৰামাৰ বীচ্চ, ফৰ্ট আগুৱাডা, বাচিলিকা অব বম জেচাচ, চি কেথেড্ৰল, কোলভা বীচ্চ, মাংগেচি টেম্পল, ছাণ্টা দুৰ্গা টেমপুল, বাগা বীচ্চ মাদগাওঁ মাৰ্কেট আদি দৰ্শনৰ সুযোগ লাভ কৰিব ৷












