![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সামাজিক মাধ্যমত ৰাইজৰ তীক্ষ্ণ সমালোচনা লগতে শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ বিধানসভাত প্ৰতিবাদৰ পাছতে সিদ্ধান্ত সলনি কৰিলে চৰকাৰে। গ্রামাঞ্চলত গৃহ নিৰ্মাণত পঞ্চায়তৰ অনুমতি আৰু কৰ বা মাচুল দিব নালাগে ৰাইজে।
চৰকাৰে গ্ৰামাঞ্চলত গৃহনিৰ্মানত অনুমতি লোৱা বা কৰ পৰিশোধ কৰা সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।
উল্লেখ গ্ৰামাঞ্চলত গৃহনিৰ্মাণত পঞ্চায়তৰ অনুমতি আৰু কৰ আৰোপ কৰা কৰা কথা দুদিন পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকী ঘোষণা পাছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল চৰকাৰৰ সিদ্ধান্তত।
ইফালে ৰাজ্যবাসীৰ ব্যাপক প্ৰতিক্ৰিয়া পাচতে মুখ্যমন্ত্ৰী কাৰ্যালয়ে স্পষ্ট কৰিছে এই কথা।













