![]()
নিউজ ডেস্কঃ
বহু লোকৰ অনুপ্রেৰণাৰ উৎস ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি৷ পিছে তেওঁৰ অনুপ্রেৰণা তেওঁৰ পত্নী অনুষ্কা শৰ্মা। পিছে এয়াই প্রথম নহয়, ইয়াৰ আগতেও একাধিকবাৰ অনুষ্কাৰ প্রশংসা ওলাইছে কোহলিৰ মুখেৰে। দীনেশ কার্তিকক দিয়া এক সাক্ষাৎকাৰত কোহলিয়ে জনাইছে কেনেদৰে তেওঁৰ জীৱন সলনি কৰি দিছে অনুষ্কাই।
২০১৩ চনত এক বিজ্ঞাপনৰ শ্বুটিঙত সাক্ষাৎ বিৰাট-অনুষ্কাৰ। তাৰ পৰাই আৰম্ভ প্রেম। ২০১৭ চনত বিয়া পাতে দুয়ো। ২০২১ চনৰ জানুৱাৰী মাহত জন্ম হয় তেওঁলোকৰ সন্তান ভামিকা। কোহলীয়ে কয়, “অনুষ্কাৰ সৈতে সাক্ষাৎ নহ’লে মই কি কৰিলোঁহেঁতেন নাজানো। তেওঁ মোক বিশ্বাস কৰিছে বাবেই মই পাৰিছো। মোৰ জীৱন সলনি কৰি দিছে অনুষ্কাই। যাৰ প্রভাব পৰিছে মাৰ খেলত। তেওঁৰ দৰে জীৱন সঙ্গী পোৱাটো ভাগ্যৰ কথা। মই ধন্য তেওঁক মোৰ ওচৰত পাই। অনুষ্কা সঁচাকৈয়েই মোৰ অৰ্ধাংগিনী।”













