![]()
অজন্তা তালুকদাৰ
বোকাখাত : মাজুলী জিলা সাংবাদিক সংন্থাৰ প্ৰাক্তন সভাপতি, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক, অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ কাৰ্যকৰী সমিতিৰ সদস্য বিশিষ্ট সংগঠক অৰুণ বৰাৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ সভাপতি, সম্পাদক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু ৰাতুল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে বোকাখাত মহকুমা সাংবাদিক সংন্থাৰ সভাপতি,সম্পাদক বুবুল দত্ত আৰু নীলু আৰ্চাযই এক শোক প্ৰস্তাৱ যোগে অৰুণ বৰাৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ।













