![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলা বনবিভাগৰ ৰঙা পাহাৰৰ ৰেঞ্জত বিয়লিভাগত এটি হাতী পোৱালী অকষ্মাতে হাবিৰ মাজৰ এটি গাঁতত সোমাই পৰাত বনবিভাগৰ তৎপৰতাত হাতীটো ৰক্ষা পৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি কালি বিয়লিভাগত কণমানি হাতী পোৱালীটো দুৰ্ঘটনাবশতঃ এটা গাঁতত আৱদ্ধ হৈ পৰাত বনবিভাগৰ লোক এই সন্দৰ্ভত অৱগত হয় ৷ লগে লগে সহকাৰী বন সংৰক্ষক প্ৰহ্লাদ ক্ৰ’ৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটোৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ বনকৰ্মীৰ দলটোৱে এখন এক্যকেভেটৰৰ সহায়ত গাঁত খান্দি সামান্যও দুখ নোপোৱাকৈ হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱাৰ পিছতে হাতীপোৱালীটো জংঘলত দৈৰি পলাই যায় ৷ বৰ্তমান হাতী পোৱালীটো দলদলী সংৰক্ষিত বনাঞ্চলত হাতীৰ জাকৰ লগত সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে ৷













