![]()
ছাইদুল ইছলাম
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া কাৰবি পৰাম্পৰাগত গ্ৰাম পৰিষদ গঠন সন্দৰ্ভত আজি কাৰবি সাংস্কৃতিক প্ৰকল্পত কাৰবি আংলং গাওঁবুঢ়া সন্থা আৰু কাৰবি গাওঁবুঢ়া সন্থাই যুটীয়াভাবে এক সংবাদ মেলৰ আয়োজন কৰি কাৰবি পৰাম্পৰাগত গ্ৰাম পৰিষদ সন্দৰ্ভত দুয়োটা সংগঠনৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ সন্থাৰ দুটাৰ সভাপতিদ্বয় ক্ৰমে, ধনচিং ৰংহাঙ আৰু ধৰমচিং টেৰণে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, বিগত ৬ বছৰ ধৰি জিলাখনত কাৰবি পৰাম্পৰাগত গ্ৰাম পৰিষদৰ বাবে অবিৰাম সংগ্ৰাম চলাই আহিছে ৷ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ 2 আৰু উপ-অনুচ্ছেদ (e f) মতে সংবিধানে কাৰবি পৰাম্পৰাগত গ্ৰাম পৰিষদ গঠনৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। যদিও আজিলৈকে ই সম্ভৱ হৈ উঠা নাই ৷
ইতিমধ্যে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদে সংগঠন দুটা দাবীৰ প্ৰতি সহযোগিতা আগবঢ়াইছে আৰু পৰাম্পৰাগত গ্ৰাম পৰিষদ গঠন প্ৰায় নিশ্চিত বুলি জনাইছে দুইয়ো নেতৃবৰ্গই ৷ আনহাতে একাংশ দল-সংগঠন আৰু ব্যক্তি বিশেষে কাৰবি আংলং আৰু কাৰবি গাওঁবুঢ়া সন্থাৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাই ৰাইজক সংগঠন দুটাৰ বিৰুদ্ধে বিভ্ৰান্ত কৰি আহিছে বুলি অভিযোগ ৷ সংগঠন দুটাৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰত পতিয়ন নাযাবলৈ আহ্বান জনায়৷ আজিৰে পৰা দুয়োটা গাওঁবুঢ়া সন্থাই অধিক দৃঢ় আৰু ঐক্যবদ্ধভাবে কাম কৰি যাব বুলি মন্তব্য কৰে ৷












