ASSAM TIMES POST
ডিফু, ১৪ ছেপ্টেম্বৰ : কোমল আৰু পথ নিৰ্মানৰ বাবে অনুপযোগী মাটিত সুচল পথ নিৰ্মানৰ বাবে আজি কাৰবি আংলঙ জিলাৰ লাংহিনত এক ঐতিহাসিক অত্যাধুনিক প্ৰযুক্তিৰ শুভাৰম্ভ হয় ৷ ইয়াৰ জৰিয়তে ৰাইজক উন্নত যোগাযোগ আৰু যাতায়ত ব্যৱস্থা প্ৰদানত বদ্ধপৰিকৰ গৰকাপ্তানি বিভাগে আজি কাৰ্বি আংলং জিলাৰ লাংহিনত অসম ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথম বাৰৰ বাবে জাৰ্মান প্ৰযুক্তিৰ আৰ্হিত অত্যাধুনিক ভূমিসৱলীকৰণ প্ৰযুক্তিৰ সংযোজনেৰে থলীতে চিমেণ্টযুক্ত পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ গৰকাপ্তানি মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই ৷
আজি দুপৰীয়া প্ৰখৰ ৰদকো নেওচি প্ৰথমে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে ,মন্ত্ৰী চুম ৰংহাঙে অত্যাধুনিক যন্ত্ৰসমূহ প্ৰদৰ্শণ কৰে ৷প্ৰায় ৯০৩৭’১৫ লাখ টকাৰে ৫৫’৩৮২ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আজি পৰিষদৰ মু্খ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ,সাংসদ হৰেণছিং বেৰ প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য সকলৰ উপস্থিতিত শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়যে উক্ত পথটো নিৰ্মান কৰিবলৈ গৈ ঠিকাদাৰ সকল বিমোৰত পৰিছিল কাৰণ পথছোৱা নিৰ্মাণৰ পিছত চপৰা চপৰে ওপৰৰ তৰপ সমূহ উঠি গৈছিল ৷
পিছত পথছোৱাৰ ভূমি পৰীক্ষাৰ পিছতহে বিশেষজ্ঞ সকলে গম পাইছিলযে নিৰ্মাণহৈ থকা পথছোৱাৰ ভূমি অত্যন্ত কোমল সেয়ে পথ নিৰ্মাণত বিসংগতিয়ে দেখা দিছে ৷ বিশেষজ্ঞৰ মতামতৰ পিছতে চৰকাৰে পথছোৱা নিৰ্মাণৰ বাবে আধুনিক প্ৰযুক্তিৰ কথা চিন্তা কৰি অত্যাধুনিক জাৰ্মানী প্ৰযুক্তিৰে ভূমি সাৱলীকৰণ আহিলাৰে পথছোৱা নিৰ্মানৰ কাৰ্যত ব্ৰতি হৈছে বুলি কয় ৷ ছমাহৰ ভিতৰত পৰীক্ষামূলক ভাবে ৰাষ্ট্ৰীয় ঘাই পথছোৱা নিৰ্মাণ কৰি সুফল পালে ৰাজ্যৰ অন্যান্য ঠাইতো এই প্ৰযুক্তিৰ সৎ ব্যৱহাৰ কৰি পথ সমূহ সৱল আৰু দীৰ্ঘ ম্যাদী কৰাৰ প্ৰয়াস কৰা হব বুলি মন্তব্য কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ – ডিফু ৷