
ৰাজস্থানৰ জয়পুৰত পত্নী আৰু তিনিগৰাকী কন্যাৰ হত্যাকাণ্ডৰ ঘটনাত আৰক্ষীয়ে নতুন তথ্য লাভ কৰিছে। তদন্তকাৰীয়ে দাবী কৰিছে যে অভিযুক্তক জেৰা কৰাত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জয়পুৰ পশ্চিমৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত কিৰণে কয় যে অভিযুক্ত ৰাহুল ঝাক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, পত্নী গীতা আৰু তিনিগৰাকী কন্যাক হত্যা কৰাৰ পিছত ৰাহুলে ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত ওচৰৰ হনুমান মন্দিৰলৈ যায়। তাত কিছু সময় কটায়। তাৰ পিছত তেওঁ অঞ্চলটোৰ আন এটা মন্দিৰ পৰিদৰ্শন কৰে। তাতো ডেৰ ঘণ্টামান থাকে। ইয়াৰ পিছত বাছ এখনত উঠি ছিকাৰ জিলাৰ এটা মন্দিৰ পায়গৈ। ৰাহুল ঘৰৰ পৰা ওলাই আহোঁতে ৮০০ টকা লৈ ওলাই গৈছিল। বেছিভাগ টকা বাছ, অ’টো ভাড়া আৰু খাদ্যত খৰচ হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ৰাহুল যেতিয়া ছিকাৰ গৈ পায় তেতিয়া তেওঁৰ হাতত অলপ টকা আছিল। ফলত তেওঁ এনে এখন ঠাই বিচাৰিছিল য’ত তেওঁ সহজে লুকাই থাকিব পাৰে আৰু বিনামূলীয়াকৈ খাদ্য লাভ কৰিব পাৰে। সাধাৰণ কাপোৰ পিন্ধি ৰাহুলৰ গতিবিধি নিৰীক্ষণ কৰি আছিল আৰক্ষীয়ে। ছিকাৰৰ পৰা গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত জয়পুৰ আৰক্ষীয়ে তাত থকা আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছতে মন্দিৰৰ সন্মুখত ৰাহুলক গ্ৰেপ্তাৰ কৰা হয়।

তদন্তকাৰী সূত্ৰৰ মতে, জেৰাৰ সময়ত ৰাহুলে দাবী কৰে যে তেৱোঁ নিজকে শেষ কৰিব বিচাৰিছিল। চলন্ত গাড়ী এখনৰ সন্মুখত জঁপিয়াই পৰিবলৈ ওলাইছিল যদিও শেষ মুহূৰ্তত পিছুৱাই যায়। জেৰাৰ সময়ত ৰাহুলে কয় যে তেওঁ নিয়মিতভাৱে ‘ক্ৰাইম ছিৰিজ’ চাইছিল। তেওঁ দাবী কৰে যে হত্যাৰ পৰিকল্পনা তেওঁৰ মনলৈ তাৰ পৰাই আহিছিল। তদন্তকাৰীয়েও জানিব পাৰে যে তেওঁৰ পত্নী আৰু ডাঙৰ কন্যাক হত্যা কৰাৰ পৰিকল্পনা আছিল। হত্যাৰ অপৰাধত জে’ললৈ গ’লে তেওঁৰ বাকী দুগৰাকী কন্যাক কোনে চোৱাচিতা কৰিব বুলি ভয়ত ৰাহুলে তেওঁলোককো হত্যা কৰাৰ পৰিকল্পনা কৰে। ডাঙৰ কন্যাৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল ৰাহুলে। বিষয়টোক লৈ তেওঁ মানসিকভাৱে ভাঙি পৰিছিল। পত্নীয়েও সকলো জানে বুলি সন্দেহ কৰিছিল। আৰু সেই সন্দেহৰ ভিত্তিত তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু শেষত গোটেই পৰিয়ালটোক হত্যা কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে ৰাহুলৰ বিৰুদ্ধে পত্নী আৰু তিনিগৰাকী কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। এই হত্যাকাণ্ডই সমগ্ৰ জয়পুৰ কঁপাই তুলিছে।













