
সোমবাৰে গভীৰ নিশা মুম্বাইৰ (Mumbai) মীৰা ৰোডৰ ফাউণ্টেইন ব্ৰীজৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল এজন লোকে। তেওঁৰ লগত আছিল পত্নী আৰু নাবালক দুগৰাকী কন্যা। সময়মতে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষক খবৰ দিয়া হয়। নিৰ্দেশ পোৱাৰ লগে লগে দুজন বিট মাৰ্শ্বাল (মুম্বাই আৰক্ষীৰ এটা টহলদাৰী দল) ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকৰ তৎপৰতাত চাৰিওজন লোকৰ জীৱন ৰক্ষা পৰে। সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত মীৰা-ভৈন্দৰ, বাছাই-বিৰা কণ্ট্ৰল ৰুমৰ পৰা কাশীগাঁও আৰক্ষী থানালৈ ফোন কৰি জনোৱা হয় যে পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে এজন লোকে ফাউণ্টেইন ব্ৰীজৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছে। বৰছোবা বিট মাৰ্শ্বাল নং ৪, আৰক্ষী হাবিলদাৰ কোক্ৰে আৰু আৰক্ষী কনিষ্টবল মোহিতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দলং আৰু ইয়াৰ কাষৰীয়া অঞ্চলত তালাচী চলায়।

তাৰ পিছত ২.১৮ বজাত পৰিয়ালটোক উদ্ধাৰ কৰে। ইয়াৰ পিছতে আটাইকেইজনকে জিম্মাত লোৱা হয়। জেৰাত গম পোৱা যায় যে এই ব্যক্তিজনৰ ঘৰ ইষ্ট মীৰা ৰোডৰ শান্তি পাৰ্কত। ডেলিভাৰী বয়ৰ কাম কৰে। কেইমাহমানৰ আগতে তেওঁ নিজৰ সোণ বন্ধকত ৰাখি ভনীয়েকৰ পৰা ৩.৫ লাখ টকা ঋণ লৈছিল। ইয়াৰ পিছত তেওঁৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁৰ ভনীয়েকে তেওঁক বন্ধকত ৰখা সোণ বিক্ৰী কৰি ঋণ পৰিশোধ কৰিবলৈ বাৰে বাৰে হেঁচা দি আছিল। এই আৰ্থিক অনাটন আৰু পাৰিবাৰিক বিবাদৰ বাবে ব্যক্তিজন মানসিকভাৱে ভাঙি পৰিছিল। সেয়ে তেওঁ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়।
তেওঁৰ বক্তব্য শুনাৰ পিছতে লোকজনৰ ভাতৃ-ভগ্নীক থানালৈ মাতি অনা হয় আৰু আৰক্ষীয়ে সমগ্ৰ পৰিয়ালটোৰ সৈতে ব্যক্তিগতভাৱে কথা পাতে। পাৰস্পৰিক আলোচনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
পিএছআই হৰিশ পেটেলে কয়, “খবৰ পোৱাৰ লগে লগে বিট মাৰ্শ্বালসকলক জনোৱা হ’ল। তেওঁলোকে সোনকালে সেই স্থানত উপস্থিত হ’ল। চাৰিজনৰ জীৱন ৰক্ষা কৰাৰ বাবে তেওঁলোক কৃতিত্ব লাভৰ যোগ্য।”












