![]()
নিউজ ডেস্কঃ
একাধিক স্মার্টফোনত আৰু কাম নকৰিব ৱাটছএপে। হাতত মাত্র দুমাহ সময়, তাৰ পিছতেই আৰম্ভ হ’ব ৱাটছএপৰ নতুন নিয়ম। ১ নৱেম্বৰৰ পৰাই ৪৩টা মোবাইল ফোনত বন্ধ হৈ যাব এই মেছেজিং এপটি। এই তালিকাত আছে পুৰণি এন্ড্রয়েড আৰু আইওএছ ফোনবোৰ।
ৱাটছএপৰ তৰফৰ পৰা নিশ্চিত কৰি একাধিক আন্তর্জাতিক সংবাদ মাধ্যমে জনাইছে যে এন্ড্রয়েড ৪.০.৪ বা তাৰ আগৰ অপাৰেটিং ছিষ্টেমত থকা ফোন আৰু আইওএছ ৯ বা তাতকৈ আগৰ অপাৰেটিং ছিষ্টেম থকা ফোনত আৰু কাম নকৰিব ৱাটছএপে। এই ফোনবোৰৰ নিৰ্মাতা কোম্পানীবোৰৰ তৰফৰ পৰাও পোৱা গৈছে নিশ্চয়তা৷ ফলত কেইদিনমানৰ ভিতৰতেই নতুন ফোন কিনিব লাগিব হ’ব পাৰে এই ফোনবোৰৰ গৰাকীসকলে। এনেধৰণৰ ফোনবোৰৰ তালিকাত আছে-
• ছেমছাং গেলেক্সি এছ-৩ মিনি, ট্রেন্ড টু, ট্রেন্ড লাইট, এছ-২
• এলজি অপটিমাছ এফ ছেভেন, এফ-ফাইভ, এল-থ্রি টু ডুৱেল, এফ-ছেভেন টু, এফ ফাইভ টু
• ছনী এক্সপিৰিয়া
• হুৱাই এছেন্ড মেট আৰু এছেন্ট ডি টু
• এপল আইফোন এছই, ছিক্স এছ আৰু ছিক্স এক্স প্লাছ











