![]()
নিউজ ডেস্কঃ
আলোচনাৰ দুৱাৰ খুলিলেও তালিবানৰ সৈতে সম্পর্ক বজাই ৰখাৰ ক্ষেত্রত ‘ধীৰে চলো’ নীতি ল’ব নতুন দিল্লীয়ে। শনিবাৰে এই ইঙ্গিত দিয়ে বিদেশ সচিব হর্ষবর্ধন শ্রিংলাই। লগতে তেওঁ কয়, ‘‘কাটাৰৰ ৰাজধানী দোহাত তালিবানৰ সৈতে ভাৰতৰ কোনো সুদৃঢ় আলোচনা হোৱা নাই।’’
ভবিষ্যতে আফগানিস্তানৰ নতুন শাসকৰ সৈতে ‘সীমিত সম্পর্ক’ বজাই ৰখা হ’ব বুলিও তেওঁ জনায়। উল্লেখযোগ্য যে তালিবান মুখপাত্র চুহেল ছাহিনে শুক্রবাৰে কৈছিল, ‘‘মুছলিম হিচাবে আমাৰ কাশ্মীৰৰ মুছলিমসকলৰ পক্ষত মাত মতাৰ অধিকাৰ আছে।’’ লগতে চীনক পাকিস্তানৰ ‘সকলোতকৈ গুৰুত্বপূর্ণ সহযোগী’ বুলিও বর্ণনা কৰিছিল তেওঁ। ইয়াৰ পিছতেই শ্রিংলাৰ এনে মন্তব্যক তাৎপর্যপূর্ণ বুলি মত কূটনৈতিক মহলৰ একাংশৰ।











