ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি ছয় বিদ্ৰোহী সংগঠনৰে স্বাক্ষৰিত হ’ল ঐতিহাসিক শান্তি চুক্তি

News Desk by News Desk
September 4, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : দেশৰ ৰাজধানী দিল্লীত শনিবাৰে স্বাক্ষৰিত হৈছে কাৰ্বি ছয় বিদ্ৰোহী সংগঠনৰে ঐতিহাসিক শান্তি চুক্তি শান্তি চুক্তি ৷ কাৰবি আংলঙৰ ছয় বিদ্ৰোহী সংগঠন ক্ৰমে, কেএনএলএফ, পিডিচিকে, ইউপিএলএ, কেপিএলটি, কেপিএলটি(আৰ) আৰু কেপিএলটি(এম), ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰে এক ত্ৰিপাক্ষিক বৈঠকত হ’ব স্বাক্ষৰিত হৈছে প্ৰস্তাৱিত শান্তি চুক্তি ৷

E cTA8aUUAUXrfa | ASSAM TIMES POSTইতিমধ্যে কাৰবি আংলঙৰ পৰা উল্লেখিত উগ্ৰপন্থী সংগঠন কেইটাৰ ১৬২ জন নেতা কেডাৰ দিল্লীত উপস্থিত হৈ দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আয়োজন কৰা শান্তিচুক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংসদ হৰেণছিং বে’ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্বাক্ষৰিত হৈছে প্ৰস্তাৱিত শান্তি চুক্তি ৷ স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই চুক্তি মতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ আসন ৫০ খনলৈ বৃদ্ধি কৰা হৈছে । কাৰ্বি আংলঙলৈ ১০০০ কোটিৰ পেকেজৰ কথা সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰে ৫০০ কোটি ৰাজ্য চৰকাৰে, ৫০০ কোটি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব । কাৰবি আংলং স্বায়ত্ব পৰিষদৰ আসন ৫০ বৃদ্ধি পাব । ইয়াৰে ৩৪ খন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত থাকিব, ১০ খন আসন মুকলি থাকিব । আৰু ৬ খন আসন ৰাজ্যপালে মনোনীত কৰিব । কাৰ্বি আংলঙত চেনিকলৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব, জাগীৰোডৰ পৰা পশ্চিম কাৰবি আংলঙৰ হাৱাইপুৰলৈ ৰেল লাইন সম্প্ৰসাৰণ কৰা হ’ব, এখন পশু চিকিৎসা মহাবিদ্যালয়, এখন বন প্ৰশিক্ষণ কেন্দ্ৰ কাৰবি আংলঙত স্থাপন হ’ব । অসম বিশ্ব বিদ্যালয়ৰ ডিফু চৌহদ পূৰ্ণ পৰ্যায়ৰ বিশ্ব-বিদ্যালয়লৈ ৰূপান্তৰিত হ’ব ৷ চুক্তি অনুসৰি উগ্ৰপন্থী সংগঠনসমূহ মূল সুঁতিলৈ ঘূৰি আহিব ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰবি আংলঙৰ বাহিৰৰ কাৰবিসকলৰ বাবে কাৰবি ৱেলফেয়াৰ ডেভ’লপমেণ্ট কাউঞ্চিল গঠন কৰা হৈছে ৷ ভৈয়ামৰ কাৰবিসকলৰ বাবে বড়ো চুক্তিৰ দৰে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদে প্ৰদান কৰা চাৰ্টিফিকেট আৰু পি আৰচি প্ৰদানেৰে অনুসুচীত জাতিৰ মৰ্যাদা এই চুক্তিৰ জৰিয়তে দিয়া হ’ব বুলি কয়।

উল্লেখ যোগ্য যে, পাৰ্বত্য জিলাখনৰ উল্লেখিত সহস্ৰ উগ্ৰপন্থী সংগঠনসমূহে জিলাবাসীৰ দীৰ্ঘদিনীয়া ভাৰতীয় সংবিধান ২৪৪(ক) ৰূপায়ণৰ বাবে দীৰ্ঘদিন ধৰি সহস্ৰ সংগ্ৰাম কৰি আহি অৱশেষত অস্ত্ৰ সম্বৰণ কৰি আলোচনাৰ মেজলৈ আহে প্ৰস্তাৱিত শান্তি চুক্তিখনত ২৪৪(ক) সন্নিৱিষ্ট নাথাকিলে শান্তিচুক্তিখনে বিশেষ অৰ্থ বহন নকৰে বুলি কালি সন্ধিয়া এপিএছএলচিৰ সভাপতি জেআই কাথাৰে এক সংবাদমেল যোগে প্ৰকাশ কৰে ৷

আনহাতে প্ৰস্তাৱিত শান্তিচুক্তিত দেৱানগিৰি লিপি সন্নিৱিষ্টি হ’লে কাৰবিসকল ইয়াৰ বাবে ১০০ বছৰ পিছুৱাই যাব লাগিব বুলি মন্তব্য কৰে ৷ আজিৰ শান্তি চুক্তিয়ে কাৰবি আংলঙত কি প্ৰভাৱ পেলাব সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx