![]()
ছাইদুল ইছলাম
ডিফু : শান্তি চুক্তিকলৈ কাৰবি আংলঙত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ দশকজোৰা শান্তি আলোচনা প্ৰক্ৰিয়াৰ অন্তত যোৱা চাৰি ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰবি আংলঙৰ অস্ত্ৰ বিৰত উগ্ৰপন্থী সংগঠনৰ শান্তিচুক্তি স্বাক্ষৰ কৰা হৈছে যদিও পাহাৰীয়া জিলাত ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
আনহাতে নতুন দিল্লীত চুক্তি স্বাক্ষৰকাৰীসকল আজি পুৱা গুৱাহাটীৰ পৰা ডিফু অভিমুখে যাত্ৰা কৰে ৷ স্বাক্ষৰকাৰী দলটোক প্ৰথমতে সোণাপুৰত প্ৰথমতে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ লগতে বিভিন্ন দল সংগঠনে জাগীৰোড, পাৰখোৱা কঠিয়াতলী, হাওৰাঘাট, বকলীয়াঘাট আদি কৰি অনেক স্থানত সম্বৰ্দ্ধনা জনোৱা হয় ৷ চুক্তি স্বাক্ষৰকাৰীসকলক ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাবে আদৰণি জনোৱা হ’ব বুলি জানি পৰা গৈছে ৷
আনহাতে ডিএনএলএক শান্তি আলোচনাৰ মাধ্যমেৰে পাৰ্বত্য জিলালৈ উন্নয়ন ত্বৰাণ্বিত কৰাৰ আহ্বান জনায় ৷ আনহাতে চুক্তি স্বাক্ষৰকাৰী সকলৰ দলটোকলৈ কাৰবি আংলঙৰ ৰাজপথত এক আবতৰীয়া দিপাৱলীৰ সৃষ্টি হয় ৷ শাসকীয় পক্ষৰ লগতে চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহে এই চুক্তিৰ জৰিয়তে পাহাৰীয়া জিলাখনত উন্নয়ণৰ এক নতুন ধাৰাৰ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে চুক্তিখনক মানি নোলোৱাৰ হুংকাৰ দি পাহাৰীয়া জিলাখনৰ একাংশ দল-সংগঠনক প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে কালি দুপৰীয়াৰ ভাগত 24+ সংগঠনৰ এক উমৈহতীয়া মঞ্চই ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্কত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শান্তিচুক্তিত সন্নিৱিষ্ট হোৱা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে মুকলিকৈ সংৰক্ষিত কৰা ১০টাকৈ পৰিষদৰ আসনৰ বিৰোধিতা কৰাৰ লগতে চুক্তিৰ এই সুবিধাটো কাৰবি অনুসূচীত জনজাতিৰ অপৰিপন্থী বুলি সংগঠন কেইটাৰ নেতৃবৰ্গই মন্তব্য কৰিছিল ৷
ইয়াৰোপৰি কাৰবি শান্তি চুক্তিৰ বিৰোধিতা কৰি 24+ সংগঠনে ডিফুৰ ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ আজি শান্তিচুক্তি কৰা উগ্ৰপন্থী সংগঠনসমূহ গৃহ জিলাখনলৈ ওভতি অহাৰ পৰিপ্ৰেক্ষিতত ডিফুৰ পৰা প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লোৱাৰ খবৰ ওলোৱাৰ লগে লগে জিলা আৰক্ষী প্ৰশাসন অধিক সস্তমহৈ জিলাখনৰ নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷ এইলৈ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় দুয়োটা প্ৰৱেশ দুৱাৰ নিৰাপত্তা ৰক্ষীৰে চীল কৰি দিয়ে ৷ শান্তি আলোচনা কৰি গৃহ জিলালৈ ওভতি অহা দলটোৰ আদৰণি প্ৰক্ৰিয়াত যাতে বাধাৰ সৃষ্টি নহয় তাৰবাবে শান্তি চুক্তিৰ বিপৰীত স্থিতি লোৱা অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্সৰ সভাপতি জেআই কথাৰক আটক কৰি সন্ধিয়ালৈকে ডিফু থানাত আটক কৰা হয় ৷
ইয়াৰোপৰি 24+ অৰ্গেনাইজেছন নামৰ উমৈহতীয়া মঞ্চৰ আহ্বায়ক অবিনাশ ৰংহাঙক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰি পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ অৱিনাশৰ বিৰুদ্ধে আৰক্ষীয়ে ডিফু থানাত 254/2021 নম্বৰত এক গোচৰ ৰুজো দিয়া বুলি জানিব পৰা গৈছে ৷কাৰাগাৰলৈ লৈ যোৱাৰ পথত অৱিনাশ ৰংহাঙে আৰক্ষীৰ আৱেষ্টনীৰ মাজৰ পৰা সাংবাদিকক উদ্দেশ্যি তুলিৰাম ৰংহাঙৰ কঠোৰ সমালোচনা কৰি কয়যে জনজাতিসকলৰ স্বাৰ্থত মাত মতাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷ জাতিৰ বাবে তেওঁ ১০বাৰ জেললৈ যোৱাত আপত্তি নকৰে ৷ লগে লগে তুলিৰাম ৰংহাঙ কোটি কোটি টকা দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ কৰে অৱিনাশ ৰংহাঙে ৷
আনহাতে আজি পশ্চিম কাৰবি আংলঙৰ খেৰণি-ডংকামোকাম সংযোগী পথৰ ফেলাংপীত কোনো অচিনাক্তলোকে দুডাল প্ৰকাণ্ড গছ কাটি পথ অৱৰোধ কৰি যাতায়ত ব্যাহত কৰি তোলে বুলি জানিব পৰা গৈছে ৷ উক্ত কাৰ্য শান্তি চুক্তিৰ বিৰোধিতা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে ৷












