![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নতুন দিল্লীত যোৱা ৪ ছেপ্তেম্বৰত কাৰবি আংলঙৰ আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠনেৰে স্বাক্ষৰিত হোৱা শান্তিচুক্তিৰ স্বাক্ষৰকাৰী আলোচনাপন্থী উগ্ৰপন্থী সংগঠনসমূহে আজি ডিফু কাছা ষ্টেডিয়ামৰ কনফাৰেন্স হলত এক যুটীয়া সংবাদমেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে, চুক্তি স্বাক্ষৰ হোৱা দিনৰে পৰা জিলাখনৰ একাংশ দল-সংগঠনে চুক্তিখনকলৈ বিৰোধিতা কৰা কাৰ্যকলৈ চুক্তি স্বাক্ষৰকাৰীসকলে উদ্বেগ প্ৰকাশ কৰিছে ৷ চুক্তিকলৈ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰৰ স্থিতিকলৈ কঠোৰ সমালোচনা কৰে চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গই ৷ চুক্তি স্বাক্ষৰকাৰী কেএনএলএফৰ অধ্যক্ষ পি দিলীয়ে চুক্তি স্বাক্ষৰ কৰি ওভতি অহাৰ পথত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে কাৰবি আংলংবাসী ৰাইজৰ পৰা পোৱা গভীৰ শ্ৰদ্ধা আৰু আদৰণিৰ বাবে তেওঁ মুগ্ধ বুলি কয় ৷
সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়েই চুক্তিখন স্বাক্ষৰিত কৰা হৈছে বুলি কয় ৷ চুক্তিখনৰ জৰিয়তে সৰ্বদিশত উন্নয়ন সাধনৰ লগতে জিলাখনত স্থায়ী শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চুক্তি কৰা হৈছে ৷ চুক্তিখনৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণৰ বাবে চুক্তি স্বাক্ষৰকাৰী ছয়টাকৈ দল সদায় সচেষ্ট থাকিব বুলি কোৱাৰ লগতে চৰকাৰকো এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে ৷
আনহাতে, ৰাজনৈতিক স্বাৰ্থ লাভৰ বাবে চুক্তিখনকলৈ একাংশ সংগঠনক ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ মন্তব্য কৰে পি দিলীয়ে ৷ এই চুক্তি কাৰবি আংলঙত বসবাস কৰা সকলোৰে বাবে বুলিও কয় নেতাগৰাকীয়ে ৷
আনহাতে প্ৰস্তাৱিত শান্তিচুক্তিলৈ জিলাখনৰ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচিৰ সভাপতি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া জন ইংতি কাথাৰে পূৰ্বৰে পৰা তুমুল বিতৰ্কৰ সৃষ্টি কৰি অহা বুলি অভিযোগ কৰিছে কেএনএলএফৰ আন এগৰাকী নেতা ৰেজাক দেৰাই ৷ ৰেজাক দেৰাই জে আই কাথাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, জে আই কাথাৰ এজন মানসিক বিকাৰগ্ৰস্থ ৰোগী ৷ তেওঁ মানসিক চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাওক ৷ কাথাৰে জিলাখনৰ উন্নয়ণ আৰু শান্তি নিবিচাৰে বাবেই সকলো বিষয়তে তেওঁ প্ৰৰোচনামূলক আৰু বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে ৷ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ছয়টাকৈ সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ বিৰোধিতা কৰা জে আই কাথাৰক ভাৰত বিৰোধী বুলি অভিহিত কৰে ৷ ১৯৯৪ চনৰ পৰা জিলাখনত চলি অহা শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহকলৈ বৰ্তমানে কোনো ৰাজনৈতিক দল গঠনৰ কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰে দেৰাই৷ সংগ্ৰামত এইসকল লোকৰ কোনো অৱদান নাই বুলি মন্তব্য কৰে ৰেজাক দেৰাই ৷ সেয়ে তেওঁলোকৰ চুক্তিৰ সমালোচনা কৰিবলৈ অধিকাৰ নাই ৷
আজিৰ সংবাদমেলত ক্ৰমে, ইউপিএলএৰ অধ্যক্ষ ৱেলেছলী লাংনেহ, পিডিচিকেৰ অধ্যক্ষ ৰাণ ৰংপি, আৰু কেএনএলএফৰ হাবে টকবীও উপস্থিত থাকে ৷












