![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অস্ত্ৰবিৰত কাৰবি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তিৰ পিছত আজি ডিফুত আড়ম্বৰপূৰ্ণভাবে সংগঠন কেইটাক সম্বৰ্ধনা জনোৱাৰ সময়তে আজি ডিফুত এএছডিচি, কেএনচিএ আৰু কেএছএই এক যৌথ সংবাদমেলৰ আয়োজন কৰি চুক্তিটোৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, চুক্তিটোৰ কেতবোৰ দফাৰ প্ৰতি সমৰ্থন আছে যদিও আন কেতবোৰ দিশত এএছডিচি, কেএনচিএ আৰু কেএছএৰ মত পাৰ্থক্য আছে ৷ সহস্ৰপন্থা ত্যাগ কৰি মূল সুঁতিলৈ ওভতি আহি জিলাখনত শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে সংগঠনসমূহক আদৰণি জনায় যদিও ষাঠিৰ দশকৰ পৰাই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বাবে থকা ২৪৪ (ক)ৰ অধীনত অসমক বিভাজন নকৰাকৈ এখন স্বায়ত্তৰাজ্যৰ দাবীত চলাই অহা আন্দোলনক কংগ্ৰেছ আৰু বিজেপিৰ কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে ৷
এইলৈ দুয়োটা দলে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত নহ’ল ৷ এই চুক্তিৰ জৰিয়তে কাৰবি আংলঙবাসীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ খৰ্ব কৰিলে বুলি অভিযোগ কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷ চুক্তিখনত পৰিষদৰ বৰ্দ্ধিত ১০ খন আসন মুকলি বাবে সংৰক্ষিত নাৰাখি সকলো আসনেই জনজাতিসকলৰ বাবে সংৰক্ষিত ৰখা উচিত আছিল বুলি মন্তব্য কৰে ৷ অজনজাতি সকলে তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ কেৱল মনোনীত কৰি নিৰ্বাচিত কৰি অনাই যথেষ্ঠ আছিল বুলি মন্তব্য কৰে ৷
আনহাতে চুক্তিটোৰ ব্যৱস্থা অনুসৰি আমোলাসকলক অধিক ক্ষমতা দিয়া হৈছে বুলি কয়৷ নতুন ব্যৱস্থা অনুসৰি পাৰ্বত্য এলেকা উন্নয়ন বিভাগ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সমিতিৰ সিদ্ধান্তসমূহ ৰাজ্য চৰকাৰৰ এখন সমিতিৰ নিয়ন্ত্ৰণত কাৰ্যকৰী কৰা হ’ব বুলি মত প্ৰকাশ কৰি ইয়াৰ জৰিয়তে পাৰ্বত্য এলেকা উন্নয়ন বিভাগক ক্ষমতাহীন কৰি তোলা বুলি সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷
আনহাতে ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰীক্ষাৰ বাধ্যতামূলক আধুনিক ভাষা বিষয়টো নোহোৱা কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ কাৰ্যকৰী হ’লে পৰীক্ষাৰ্থীসকলৰ নম্বৰৰ পৰিমান হ্ৰাস পোৱাৰ ফলত এলেকাটোৰ প্ৰাৰ্থীসকল ক্ষতিগ্ৰস্থ হ’ব বুলি সভাপতিগৰাকীয়ে আশংকা প্ৰকাশ কৰে ৷ পুৰ্বে স্বাক্ষৰিত জিলাখনৰ চুক্তিসমূহত থকা বহু বিষয় আজিলৈকে কাৰ্যকৰী নহ’ল বুলি মন্তব্য কৰি শেহতীয়াকৈ স্বাক্ষৰিত হোৱা চুক্তিখনত পূৰ্বৰ বহু বিষয় পুণৰায় সন্নিৱিষ্ট কৰা হৈছে বুলি কয় ৷ আজিৰ সমবাদমেলত কাৰবি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় ইংতি কাথাৰ, কেএনচিএৰ সভানেত্ৰী মেৰিণা বে’পী আৰু এএছডিচিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুনিল টকবীও উপস্থিত থাকে ৷












