![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নতুন দিল্লীত শান্তিচুক্তিত স্বাক্ষৰকাৰী ছয় অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠন ক্ৰমে কেএনএলএফ, ইউপিএলএ পিডিচিকে আৰু কেপিএলটিৰ তিনিটা গোটৰ নেতৃবৰ্গক আজি ডিফুত আনুষ্ঠানিক ভাৱে জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ভালে সংখ্যক লোকৰ কৰ ধ্বনিৰে সম্বৰ্ধনা গ্ৰহণ কৰা চুক্তি স্বাক্ষৰকাৰী সকলে প্ৰদান কৰা চমু ভাষণত সংগঠন সমূহৰ নেতৃবৰ্গই স্বাক্ষৰিত চুক্তিৰ জৰিয়তে জিলাখনত সুদূৰপ্ৰসাৰী উন্নয়ণৰ বাট প্ৰসস্থ হ’ব বুলি উল্লেখ কৰে ৷ আজিৰ সভাত প্ৰাক্তন সাংসদ বিৰেণ ছিং ইংতিৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙো উপস্থিত থাকে ৷
সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিনৰে পৰা জিলাখনত উগ্ৰপন্থী সমস্যা সমাধান হোৱাৰ লগতে কোনো সংঘাত নোহোৱাকৈ বিভিন্ন জাতি-জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি আহিছে ৷চুক্তি খনৰ জৰিয়তে তাৰবি আংলং জিলাই লাভ কৰা ১৬ খন কেন্দ্ৰীয় আঁচনি আৰু ২১ খন অসম চৰকাৰৰ নতুন আঁচনিৰ কথা বাখ্যা কৰে ৷
পৰিষদৰ ৩৪ খন আসন জনজাতীয় লোকৰ বাবে সংৰক্ষণ কৰি পোণ প্ৰথমবাৰৰ বাবে এক ইতিহাস ৰচনা কৰা বুলি মুখ্যকাৰ্যবাহী সদস্য গৰাকীয়ে মন্তব্য কৰে ৷ কাৰবি আংলঙত এতিয়া শান্তি প্ৰতিষ্ঠা হব বুলি মন্ব্য কৰি আৰু শান্তি হ’লেই চুক্তিৰ সকলো দফা ৰূপায়ণ কৰা সম্ভৱ হব ‘বুলি মন্তব্য প্ৰকাশ কৰে ৰংহাঙে ৷












