স্বাস্থ্য প্ৰতিবেদন:
গ্রীষ্মকালত মানুহে লেমুপানী খাবলৈ পছন্দ কৰে। লগে টেঙা স্বাদযুক্ত নেমু চালাদতো প্রচুৰ ব্যৱহৃত হয়। ৫৮ গ্রাম নেমুৰ পৰা শৰীৰে ৩০ গ্রাম ভিটামিন চি পায়, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু কিছু বিশেষ স্বাস্থা অৱস্থাত নেমু খোৱাটো কেৱল ক্ষতিকাৰকে নহয়, আপোনাৰ সমস্যাও বঢ়াই তুলিব পাৰে। কেনে পৰিস্থিতিত নেমু খোৱাটো উচিত নহয় জানি লওঁ আহক।
১) শৰীৰত ৰক্তৰ অভাৱৰ কাৰণে কিছু লোকক আয়ৰন টেবলেট খোৱাৰ পৰামর্শ দিয়া হয়। বিশেষকৈ গর্ভাৱস্থাত মহিলাসকলে আয়ৰনৰ বড়ি খাব লাগে৷ কিন্তু এই ওষধ খোৱাৰ পিছত ভুলতো নেমু নাখাব।
২) পেটত আলচাৰৰ সমস্যা থাকিলে একেবাৰে নেমু নাখাব। ইয়াত থকা এচিডে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
৩) দাঁতত ঠাণ্ডা আৰু গৰম লগাৰ সমস্যা থাকিলেও নেমু নাখাব। ইয়াত থকা চাইট্রিক এচিডে দাঁতৰ এনামেলৰ ক্ষতি কৰে। আনহাতে, ব্রাছ কৰাৰ পিছতেই নেমুপানী খালেলে দাঁত দুর্বল হৈ পৰিব পাৰে।
৪) বহুতেই শৰীৰক ডিটক্স বা ওজন কমোৱাৰ বাবে পুৱা খালী পেটত নেমুপানী খায়৷ কিন্তু ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। আনহাতে, যদি ইতিমধ্যেই এচিডিটিৰ সমস্যাত ভুগি আছে, তেন্তে ই পেটত ক্ষতৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত খালী পেটত নেমু নাখাব।
৫) আম্লিক হোৱাৰ কাৰণে মুখৰ আলচাৰত আক্রান্ত ব্যক্তিসকলে নেমু খোৱা উচিত নহয়। ই প্রদাহ আৰু জ্বালা সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত যদি শীঘ্রেই মুখৰ আলচাৰৰ পৰা মুক্তি পাব বিচাৰে তেন্তে অবিলম্বে নেমুপানী খোৱাটো বন্ধ কৰক।
৬) নেমু দি গাখীৰ, অমিতা, ৰঙা মাংস, দৈ, বিলাহী, দুগ্ধজাত খাদ্য নাখাব। নেমুত থকা চাইট্রিক এচিড এইবোৰৰ সৈতে মিহ লিহৈ শৰীৰত বিৰূপ প্রভাৱ পেলায়। ই গেছ, এচিডিটি, হজম সংক্রান্তীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৭) নেমু ছালৰ বাবে উপকাৰী৷ কিন্তু ইয়াক প্ৰত্যক্ষভাৱে ছালত লগোৱা উচিত নহয়। বিশেষকৈ সংবেদনশীল ছাল থকাসকলে। চাইট্রিকযুক্ত হোৱাত ই ছালত জ্বলা আৰু ব্রণৰ সমস্যা সৃষ্টি কৰিব পাৰে।