![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিমা হাছাও জিলা দিয়ংমুখত ৫খন ট্ৰাক আৰু ৫ জন ট্ৰাক চালক-হেণ্ডিমেনক সন্দেহযুক্ত ডিএনএলই গুলীচালনা কৰি জলাই ভষ্মীভূত কৰাৰ বাতৰিয়ে ৰাজ্য জোকাৰি যোৱাৰ সময়তে সংগঠনটোৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে এক সফলতা ৷ যোৱা ৭ ছেপ্তেম্বৰত কাৰবি আংলং আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই অসম আৰক্ষীৰ সহযোগত ডিমাপুৰৰ নাহৰবাৰীৰ পৰা ডিএনএলএৰ দুৰ্ধৰ্ষ কেডাৰ ছানা ছিঙক আটক কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত কেডাৰজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে দিয়ংমুখত যোৱা ২৬ আগষ্টত ৭-৮ জনীয়া উগ্ৰপন্থীৰ দলে নিশা প্ৰায় ৯ বজাত গুলীবৰ্ষণ কৰি ৫ জনকৈ নিৰিহ চালক-হেণ্ডিমেনৰ প্ৰাণ কাঢ়ি নিছিল ৷












