![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলাতো অহা ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত ৷ কাৰবি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত অন লাইন আৰু অফলাইন দুয়োটা মাধ্যমতেই অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত ৷ বৃহস্পতিবাৰে কাৰবি আংলং জিলাৰ ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, অহা ১১ ছেপ্তেম্বৰত ডিফু ন্যায়িক আদালত অফলাইন আৰু অনলাইন যোগে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ ১৩০০ গোছৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে ৷
ইয়াৰ মাজত ডিফু ন্যায়ক আদালতৰ গোছৰৰ বাহিৰেও এপিডিচিএল, বেংক, উপায়ুক্ত কাৰ্যালয়ৰ লগতে যান-বাহনৰ গোছৰসমূহ নিষ্পত্তি কৰা হ’ব বুলি মন্তব্য কৰে ৷ এইলৈ সংশ্লিষ্ট ব্যক্তিসকললৈ জাননী প্ৰেৰণ কৰা হৈছে ৷ ক’ভিডৰ ভয়াবহতাৰ বাবে আদালতলৈ আহিব নিবিছৰা ব্যক্তিসকলে গুগল মীটৰ জৰিয়তে লোক আদালতত অংশগ্ৰহণ কৰিব পাৰিব, ইয়াৰ বাবে জাননীত গুগল মীটৰ লিংক উল্লেখ কৰা হৈছে বুলি জানিব দিছে ডিএলএছএৰ সচিবগৰাকীয়ে ৷ জাননী পোৱা ব্যক্তিসকলে গোচৰ সন্দৰ্ভত নিজৰ অধিবক্তাৰ লগত যোগাযোগ কৰাৰ লগতে ডিএলএছএই জাৰি কৰা ভ্ৰাম্যভাষ নম্বৰ 6901281636 নম্বৰত যোগাযোগ কৰিব পাৰে বুলি জনাইছে সচিবগৰাকীয়ে ৷ লোক আদালতত অংশগ্ৰহণ কৰিবলৈ আঁহোতে সংশ্লিষ্ট গোছৰৰ লগত জড়িত ব্যক্তিসকলে পান কাৰ্ড, আধাৰ কাৰ্ড আদি যিকোনো চৰকাৰীভাবে স্বীকৃতি থকা পৰিচয় পত্ৰ লগত আনিব লাগিব বুলি জনাইছে ডিএলএছএৰ সচিবগৰাকীয়ে৷












