![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ শাসক দল বিজেপিয়ে পৰিষদৰ সমষ্টিয়ে সমষ্টিয়ে Peace and Development নামেৰে ৰাজনৈতিক সমাৱেশ আৰম্ভ কৰিছে। শুকুৰবাৰে ডিফুত পৰিষদৰ লুম্বাজং, ধনশিৰি আৰু সিংহাসন সমষ্টিক সাঙুৰি সমাৱেশ আয়োজন কৰা হয় এনে সমাৱেশ। এই সভাৰ জৰিয়তে পৰিষদৰ উন্নয়নমূলক কাম-কাজৰ উপৰি ৪ ছেপ্তেম্বৰত সম্পন্ন হোৱা শান্তি চুক্তিৰ জৰিয়তে পাৰ্বত্যভূমিত হ’বলগীয়া উন্নয়নৰ কথা সমষ্টিবাসী ৰাইজক অৱগত কৰা হয় ।

পূৱ কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰনৰ সভাপতিত্বত জিলা কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ চুক্তিক বিৰোধিতা কৰাসকলক তীব্ৰ সমালোচনা কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’কে আদি কৰি আনসকল বক্তাই। শান্তি চুক্তিৰ বৰোধিতা কৰা এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে, আই কাথাৰ কাৰবি আংলঙৰ উন্নয়ণ আৰু শান্তি বিৰোধী এজন লোক৷ একাংশ যুৱক- যুৱতীক তেওঁ বিপথে পৰিচালিত কৰছে বুলি অভিযোগ কৰিছে সাংসদ হৰেণছিং বে’ই ৷













