![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হ’বলগীয় অসম লোকসেৱা পৰীক্ষা সংক্ৰান্তত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই শনিবাৰে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা উপায়ুক্তই সদৰী কৰে যে, ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া এপিএচচি পৰীক্ষাত কাৰবি আংলঙৰ প্ৰাৰ্থী হ’ব তেৰশগৰাকী । তেওঁলোকৰ কাৰণে সাতটা পৰীক্ষা কেন্দ্ৰ সাজু কৰা হৈছে, পৰীক্ষা কেন্দ্ৰসমূহ ক্ৰমে, ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয় ব্লক (এ) ,ডিফৱ চৰকাৰী মহাবিদ্যালয় (বি), ডিএভি হায়াৰ ছেকেণ্ডাৰী স্কুল, জৱাহৰ নৱোদয় বিদ্যালয় আৰু জৱাহৰ নৱোদয় বিদ্যালয় ৷ সেইসমুহ পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে চেনিটাইজ কৰা হৈছে বুলি জনাইছে জিলা উপায়ুক্তই ৷ জিলা উপায়ুক্তগৰাকীয়ে পৰীক্ষাৰ্থীসকলৰ যাতায়তৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি কয় যে তেওঁলোকে ভেকচিন লোৱাৰ প্ৰমাণ পত্র লগত আনিব লাগিব।
আনহাতে পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে পৰীক্ষাৰ্থীসকলৰ ক’ভিড পৰীক্ষা কৰা হ’ব আৰু দেহত ক’ভিড ধৰা পৰিলে, ভিতৰলৈ সোমোৱাৰ অনুমতি দিয়া নহ’ব । পৰীক্ষাৰ্থীসকলক নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ জনাইছে জিলা উপায়ুক্তই ৷
ইয়াৰোপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰোতে কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইছলৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলি মন্তমব্য কৰে ৷ পৰীক্ষাৰ্থীসকলৰ বাবে এক নিয়ন্ত্ৰণ কক্ষৰ লগতে ইয়াৰ বাবে হেল্পলাইন নম্বৰ 03671272248 মুকলি কৰিছে ৷ উক্ত পৰীক্ষাকেন্দ্ৰ সমুহৰ নডেল বিষয়াৰ দায়িত্বত থাকিব কাৰবি জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ খালেদা চুলতানা আহমেদ ৷













