ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফু ন্যায়িক আদালততো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালতত ৷ শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ এন কটিশ্বৰ সিঙ সপত্নী আজি কাৰবি আংলঙ জিলাৰ সদৰ চহৰ ডিফুত উপস্থিতহৈ ডিফু ন্যায়িক আদালতত অনুষ্ঠিত হৈ থকা লোক আদালতৰ গোচৰ নিষ্পত্তি প্ৰক্ৰিয়াৰ বুজ লয় ৷ ন্যায়াধীশগৰাকীয়ে আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ৰ এটি আইনী সাহায্য কোষ (লিগেল এইড ক্লিনিক)ৰ শুভ উন্মোচন কৰে ৷
উক্ত অনুষ্ঠানত জিলা সত্ৰ ন্যায়াধীশ কাৰবি আংলং জিলা আইন সেৱা প্ৰাথিকৰণৰ অধ্যক্ষ আব্দুল হাকিম, অসম ৰাজ্যিক ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নয়ন শংকৰ বৰুৱা, কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদ, জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিনহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে আইনী সেৱা লাভ কৰিব বিচৰা যিকোনো লোককে এই আইনী সাহায্য কোষৰ জৰিয়তে সাহায্য আগবঢ়োৱা হ’ব বুলি কয় ৷ দেশৰ আইনী ব্যৱস্থাটো এতিয়াও আইনী প্ৰক্ৰিয়াৰ সৈতে সবিশেষ জ্ঞাত নোহোৱা সাধাৰণ লোকৰ বাবে এক জটিল আৰু ৰহস্যময় বিষয় হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ৷ উক্ত সাহায্য কোষৰ জৰিয়তে এইসকল লোকক যিকোনো আইনী সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় তথা পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও বিনামূলীয়াকৈ প্ৰয়োজন সাপেক্ষে আদালতৰ মজিয়াত সাহায্য আগবঢ়াব বুলি মন্তব্য কৰে ৷ আইনী সাহায্য প্ৰদানৰ ক্ষেত্ৰত জিলাখনত এনে আইনী সাহায্য কোষৰ প্ৰয়োজনীয়তা থকা বুলি মন্তব্য কৰি ন্যায়াধীশগৰাকীয়ে জিলাখনৰ অন্য স্থানতো এনে কোষ স্থাপনৰ প্ৰয়োজন আছে বুলি কয় ৷
আনহাতে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বছৰৰ পিছত বছৰ ধৰি আদালতত অমীমাংসিত হৈ থকা গোচৰসমূহ পাৰষ্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰাৰ প্ৰচেষ্ঠা চলোৱা হৈছে বুলি মন্তব্য কৰে ৷ অত্যন্ত কম ব্যয় আৰু সুবিধাজনকভাবে বিবাদমান বিষয়সমূহৰ সমাধানৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ ন্যায়াধীশগৰাকীয়ে আহ্বান জনায় ৷ খুব কম সময়ৰ ভিতৰতে সহজে এই ব্যৱস্থাৰ জৰিয়তে বিবাদসমূহ মীমাংসা কৰাটো সম্ভৱপৰ বুলি মন্তব্য কৰি এই ক্ষেত্ৰত সংবাদ মাধ্যমকো গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনায় ৷ পৰৱৰ্তী লোক আদালত অহা ১২ ডিচেম্বৰত অনুষ্ঠিত কৰা হ’ব বুলি জনায় ন্যায়াধীশগৰাকীয়ে ৷
আনহাতে আজিৰ লোক আদালতত আদালতৰ গোচৰৰ পৰা আৰম্ভ কৰি যান-বাহন গোছৰ, এপিডিচিএল, বেংক, উপায়ুক্ত কাৰ্যালয়ৰ মুঠ ১৩২২টা গোছৰৰ লগতে বোকাজান আদালতৰ ৪১৩টা গোচৰকলৈ মুঠ ১৭৩৫টা গোচৰ নিষ্পত্তিৰ বাবে লোৱা হয় ৷ ইয়াৰে আজি সৰ্বমুঠ ১৭৭ গোচৰ নিষ্পত্তি কৰা হ’ল বুলি জানিব পৰা গৈছে ৷