ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অস্ত্ৰবিৰত কাৰবি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠন ক্ৰমে, কেএনএলএফ, কেপিএলটিৰ তিনিটা গোট, পিডিচিকে আৰু ইউপিএলএৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, আৰু ৰাজ্য চৰকাৰৰে নতুন দিল্লীত স্বাক্ষৰিত শান্তিচুক্তিৰ পিছত ক্ৰমাৎ শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে পাহাৰীয়া কাৰবি আংলঙত ৷ এসময়ত কাৰ্বি জনগোষ্ঠীৰ উন্নয়নৰ বাবে পাহাৰীয়া জিলাখনৰ বহু যুৱকে বাছি লৈছিল সশস্ত্ৰ সংগ্ৰামৰ পথ।
বৰ্তমান প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনেই মূল সুঁতিলৈ ঘূৰি অহা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত পাহাৰীয়া জিলাখনত পুনৰ শান্ত হৈ পৰিছে।
২০১৩ চনৰ ২ ফ্ৰেব্ৰুৱাৰীত কাৰ্বি জনগোষ্ঠাৰ সৰ্বোতস্তৰত উন্নয়নৰ লক্ষ্যৰে কাৰ্বি আংলঙৰ বুকুত আত্মপ্ৰকাশ ঘটা উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপ’ল লিবাৰেচন আৰ্মি চমুকৈ ইউপিএলএ নামৰ উগ্ৰপন্থী সংগঠনটোৱে ২০১৮ চনত যুদ্ধবিৰতি ঘোষণা কৰিছিল।
ইতিমধ্যে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ মাজত ৪ ছেপ্টেম্বৰ তাৰিখে স্বাক্ষৰিত শান্তি চুক্তিৰ পিছতে শান্তি নামি আহিছে কাৰ্বি আংলঙলৈ।
কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পিছতে কেম্পসমূহ ভংগ কৰি জংঘল এৰি আপোন ঘৰখনলৈ উভতিব কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠন UPLAৰ ৩৭৮ গৰাকীকৈ কেডাৰে।
৮ বছৰীয়া সংগ্ৰামৰ অন্ত পৰিল কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠন UPLAৰ।
বোকাজানৰ অন্তৰ্গত বালিপথাৰৰ ৩নং ডিলাওজান ৰংখলাঙৰ অস্থায়ী যুদ্ধবিৰতি শিবিৰত থকা এই ইউ পি এল এ সংগঠনটোৱে আজি এক সংবাদমেলৰ আয়োজন কৰে।
শান্তি চুক্তি অনুসৰি সংগঠনটোৰ প্ৰতিগৰাকী কেডাৰলৈ ৩ লাখ টকাকৈ এককালীন সাহায্যৰ লগতে আগন্তুক ৩ বছৰলৈ মাহে ৬ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা সংগঠনটোৰ নেতৃবৰ্গই উক্ত সংবাদমেল যোগে জানিবলৈ দিয়ে।
কাৰ্বি আংলংঙক পৃথক ৰাজ্য স্বীকৃতি দিয়াই সংগঠনটোৰ মূল দাবী আছিল যদিও শান্তি চুক্তিক লৈ সুখী বুলি মন্তব্য কৰে UPLAৰ নেতৃত্বই।