![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শাসকীয় পক্ষই জিলাখনৰ বিভিন্ন প্ৰান্তত শান্তি আৰু উন্নয়ন সমাৰোহ অনুষ্ঠিত কৰি যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা শান্তিচুক্তিৰ সপক্ষে প্ৰচাৰ অব্যাহত ৰখাৰ সমানুপতিকভাৱে চুক্তিখনৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত চুক্তিখনৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদৰ ধাৰা অব্যাহত আছে। জিলাখনৰ বকলীয়াঘাটত আজি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত শান্তিচুক্তিখনৰ ২.৩ দফা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।
উল্লেখযোগ্য যে, চুক্তিখনৰ ২.৩ দফা অনুসৰি পৰিষদত নতুনকৈ নিৰ্ধাৰণ হ’বলগীয়া ৪৪ খন পৰিষদীয় আসনৰ দহখন আসন সকলোৱে প্ৰতিদ্বন্দ্বীতা কৰিব পৰাকৈ মুকলি কৰি ৰখা হৈছিল । সকলো জাতি-জনগোষ্ঠীয়ে প্ৰতিদ্বন্দ্বীতা কৰিব পৰাকৈ দহখন আসন মুকলি কৰি ৰখা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই জিলাখনৰ একাংশ দল-সংগঠন প্ৰতিবাদমূখৰ হৈ পৰা পৰিলক্ষিত হৈছে।
ইয়াৰে অংশ হিচাপে কাৰ্বি ছাত্ৰ সন্থাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি দিনৰ প্ৰায় দহ বজাত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি চুক্তিখনৰ ২.৩ দফা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে লগতে ’শান্তিচুক্তিৰ ২.৩ দফা বাতিল কৰক’, ’শান্তিচুক্তিৰ ২.৩ নং দফা গ’ বেক’, ’শান্তিচুক্তিৰ ২.৩ নং দফা ডাউন ডাউন’, ’ কে এছ এ লং লীভ’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামতো সংগঠনটোৱে অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰি শান্তিচুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে ।












