![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : ১৭ ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। পাৰ্বত্য জিলা পশ্চিম কাৰ্বিআংলঙটো ২০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দেশৰ প্ৰধান মন্ত্ৰীৰ ৭১তম জন্ম দিৱস। তদুপলক্ষ্যে, টুম্প্ৰেংস্থিত জিলা বিজেপিৰ কাৰ্যালয়ৰ সভাকক্ষত আজি দলটোৰ এখন সভা অনুষ্ঠিত হয়। জিলা সভাপতি ৰূদিপ ৰংহাঙে সভাপতিত্ব কৰা সভাখনত জিলাখনৰ বিজেপি দলৰ যুৱ মৰ্চা, মহিলা মৰ্চা, মণ্ডল সমিতি, বুথ সমিতি আদিকে ধৰি সকলো কাৰ্যকৰ্তা উপস্থিত থাকে।
১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোৰবলৈকে ২০ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগা প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নৰ কামকাজৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা, মন্দিৰ নামঘৰত পূজা অৰ্চনা, ৰক্তদান শিৱিৰ, স্বাস্থ্য পৰীক্ষা আদি কাৰ্যসূচী ৰূপায়ন কৰিব। আজিৰ এই সভাতে বিজেপি দলৰ পশ্চিম কৰ্বিআংলং জিলাৰ নৱ-নিয়োজিত সহ-প্ৰভাৰী পঙ্কজ বৰবৰাক উষ্ম আদৰনি জনায়। সভাত সহ:প্ৰভাৰীগৰাকীৰ লগতে ১নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ এম.এ.চি.প্ৰভাত চন্দ্ৰ তাৰ’, আমৰেং সমষ্টিৰ ৰীনা তেৰনপী, কপিলী সমষ্টিৰ পৱন কুমাৰো উপস্থিত থাকে।












