![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যত চলি থকা বিশ্বখনিকৰ বাবা বিশ্বকৰ্মা পূজাৰ দিনাৰ নিশা খটখতিত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
শুক্ৰবাৰে নিশা খটখতি আৰক্ষী চকীৰ অন্তৰ্গত নতুন পেট্ৰ’ল পাম্পৰ সমীপৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শুকাৱহ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাটো বোকাজান পৰা লাহৰিজানৰ নিজ ঘৰলৈ তীব্ৰবেগত গৈ থকা AS-09F-6158 নম্বৰৰ এখন মটৰ চাইকেল দুৰ্ঘটনাগ্ৰস্ত হয়।
মটৰ চাইকেলখন ৰাষ্ট্রীয় ঘাইপথৰ মাজত বাগৰি পৰাৰ সময়তে হয়তো পাছফালৰ পৰা কোনো গাড়ীয়ে যুৱকজনৰ ওপৰেৰে পাৰ কৰি লৈ যায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
উক্ত দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী এজন থিতাতে নিহত হয় আৰু আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱাই।
খবৰ লাভ কৰা মাত্ৰকেই খটখতি আৰক্ষীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মটৰ চাইকেলখন নিজৰ জিম্মাত লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।












