![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : তিনি পাৰ্বত্য জিলাক সাঙুৰি ভাৰতীয় সংবিধানৰ ২৪৪(ক)ৰ অধীনত এখন স্বায়ত্তৰাজ্য গঠন কৰাৰ লক্ষৰে গঠন হোৱা People’s Democratic Council of Karbi longri চমুকৈ PDCKই ইয়াৰ চাৰিবছৰীয়া সহস্ৰ সংগ্ৰামৰ অৱসান ঘটাই শনিবাৰে ডিফুত পিডিচিকে (PDCK) সংগঠনটো আনুষ্ঠানিকভাবে ভংগ ঘোষণা কৰে ৷ যোৱা চাৰি ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলং জিলাৰ বিদ্ৰোহী সংগঠনসমূহৰ অন্যতম পি ডি চি কেই অৱশেষত আজি আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ হোৱা বুলি ঘোষণা কৰিছে।
ডিফুৰ ফাৰ্মাৰ্ছ গ্ৰউথচেন্টাৰত আজি এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ জে কে লিজাং ওৰফে সংবিজিত ইংতি কাথাৰে আজি এই কথা ঘোষণা কৰে। স্বাক্ষৰিত হোৱা চুক্তিখনত সংগঠনটোৰ ৭৫ শতাংশ দাবীয়েই চৰকাৰে মানি লোৱা বুলি দাবী কৰি নেতাগৰাকীয়ে চুক্তিখনক লৈ সংগঠনটো সন্তুষ্ট হোৱা বুলি কয়।
আনহাতে, চুক্তি অনুসৰি পৰিষদৰ ৪৪খন আসনৰ দহখন সকলোৰে প্ৰতিদ্বন্দ্বীতাৰ বাবে মুকলি কৰি দিয়াৰ প্ৰসংগক লৈ জিলাখনত প্ৰতিবাদ মুখৰ পৰিৱেশ সৃষ্টি হোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে দহখন আসন মুকলি কৰি ৰখাৰ বাবেহে ৩৪ খন আসনত সংৰক্ষণ সম্ভৱ হোৱা বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ জৰিয়তে জিলাখনৰ সকলো জাতি জনগোষ্ঠীয়ে সম-অধিকাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । আগত দিনত জিলাখনৰ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ সন্দৰ্ভত এতিয়ালৈকে বিশেষ চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি নেতাগৰাকীয়ে উল্লেখ কৰে। সংবাদমেলখনত লগতে সংগঠনটোৰ উপ-সভাপতি কংকাট টেৰণ আৰু নংৱে টুংজাং উপস্থিত থাকে।












