![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কুকি বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তিৰ বাবে কুকি ষ্টুডেণ্ট অৰ্গেনাইজেছন, চমুকৈ কেএছঅ’ আৰু কুকি নেছনেল এছেম্বলী চমুকৈ কেএনএই আজি ডিফু ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ কাৰ্বি আংলঙৰ স্থায়ী শান্তিৰ স্বাৰ্থত যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাৰ্বি আংলঙৰ ছটাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰে যদিও এই প্ৰক্ৰিয়াত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কুকি জনজাতিক সামৰি নোলোৱা কাৰ্যক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে জিলাখনৰ কুকি জাতীয় সংগঠনসমূহ।
শান্তিচুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াৰ পৰা কুকিসকলক আঁতৰাই ৰখা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কুকি জাতীয় সংগঠন দুটাই। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজা অসন্তুষ্টি ব্যক্ত কৰি সংগঠনসমূহৰ নেতৃবৰ্গই কয় যে কুকিসকলৰ ৰাজনৈতিক দাবী পূৰণৰ দাবীত ১৯৯২ চনৰে পৰা কুকি নেশ্যনেল এছেম্বলিয়ে সংগ্ৰাম চলাই অহাৰ লগতে দুই কুকি উগ্ৰপন্থী সংগঠন ক্ৰমে কে আৰ এ আৰু ইউ কে ডি এই ২০১২ চনৰ পৰা চৰকাৰৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। জিলাখনৰ অন্য প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে শান্তিচুক্তিত স্বাক্ষৰ কৰিছে যদিও কুকি অস্ত্ৰবিৰত।
সংগঠনসমূহৰ ক্ষেত্ৰত তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। সেয়েহে, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ কুকি বিদ্ৰোহী সংগঠনসমূহৰ সৈতেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ বাবে সংগঠনসমূহে দাবী জনায় । উক্ত দাবীৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা সংগঠনসমূহে আজি এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কুকি ছাত্ৰ সন্থা, কুকি নেশ্যনেল এছেম্বলি, কুকি উইমেন ইউনিয়ন আৰু কুকি চৰকাৰী গাঁওবুঢ়া সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে যৌথভাৱে প্ৰেৰণ কৰা স্মাৰকপত্ৰযোগে অস্ত্ৰবিৰত কুকি উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শীঘ্ৰে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ বাবে দাবী জনোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত জিলাৰ ভিতৰতে কুকিসকলৰ বাবে এক সুকীয়া আঞ্চলিক পৰিষদ গঠন কৰাৰ বাবে দাবী জনায় ।












