নিউজ ডেস্কঃ
পিছফালেৰে দেৱালত খৰধৰকৈ বগাই উঠিছে এটি কণমানি শিশুই। সহা য়লোৱা নাই একোৰে, কেৱল হাত-ভৰিৰ সহায়তেই উঠি গৈছে দেৱালত। এই ঘটনাৰ এটি ৫৫ ছেকেণ্ডৰ ভিডিও সম্প্ৰতি হৈছে।
ভিডিওটোত দেখা গৈছে যে ঘৰৰ ভিতৰত দেৱালৰ এটি কোণত থিয় হৈ আছে কণমানিজনী। দেখিলে অনুমান হয় যেন শিশুটি বিছনাৰ ওপৰত আছে। তাৰ পিছত হঠাৎ দুয়োফালৰ দেৱালৰ সহায়ত খৰধৰকৈ উঠিবলৈ আৰম্ভ কৰে। মুহূর্তৰ ভিতৰতে শিশুটিয়ে ঘৰৰ চিলিং পৰ্যন্ত বগাই উঠে। উক্ত অৱস্থাতেই কেৱল হাতৰ সহায়েৰে কেই ছেকেণ্ডমান শূন্যতে ভৰি ঘূৰোৱাও দেখা যায় শিশুটিক। তাৰ পিছত একে জাঁপে কললৈ নামে। যাক দেখি এতিয়া সকলোৱে বিস্ময় বালিকাগৰাকীক ‘স্পাইডাৰ চাইল্ড’ আখ্যা দিছে৷ অৱশ্য ভিডিওটো বা শিশুটি ক’ৰ সেই বিষয়ে বিশেষ জানিব পৰা হোৱা নাই৷