![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চুক্তি অনুসৰি ভংগ হৈ আছে ইটোৰ পিছত সিটো উগ্ৰপন্থী সংগঠন ৷ দেওবাৰে কলঙা আৰু বকলীয়াঘাটত দুটাকৈ KPLT উগ্ৰপন্থী সংগঠন আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰাৰ পিছত ডিফুৰ ৫ মাইলত থকা KPLT (R) গ্ৰুপে আজি সংগঠনটোৰ সামৰিক পোছাক ৰাজহুৱাভাবে দাহ কৰি আনুষ্ঠানিক ভংগ ঘোষণা কৰে নেতৃ বৰ্গই ৷ KPLT(R) ৫ মাইলস্থিত শিৱিৰত সংগঠনটোৰ পতাকা সম্বৰণ কৰি সংগঠনটো ভংগ হোৱাৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ সম্পন্ন কৰে ৷ সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সচিবে আনুষ্ঠানিকভাৱে ভংগ হোৱা ঘোষণা কৰে ৷ অনাগত সময়ত জিলাবাসীৰ মূলদাবী ২৪৪(ক) সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবঢ়া হ’ব বুলি মন্তব্য কৰে নেতাদ্বয়ে ৷
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে KPLT (R)ৰ মুঠ কেডাৰৰ সংখ্যা ৩৫০ গৰাকী ৷ ২০১১ চনৰ ৮ জানুৱাৰীত গঠন হোৱা KPLT (R) গোটে সুদীৰ্ঘ ১১ বছৰ কাল সহস্ৰ সংগ্ৰাম চলাই অহাৰ পিছত আজি সংগঠনটো আনুষ্ঠানিকভাবে ভংগ কৰি শিৱিৰত কেডাৰৰ প্ৰায় চাৰিশ যোৰা সামৰিক পোছাক অগ্নিত দাহ কৰি সংগঠনটোৰ সচিব লটিচাৰি কাংটাং বে’ ওৰফে গুডউইনচন ক্ৰই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, আজিৰে পৰা কেপিএলটি ভংগ হ’ল ৷ এতিয়াৰে পৰা সংগঠনটোৰ নামত কোনো কেডাৰে অসামাজিক কাৰ্যত লিপ্ত হ’লে KPLT (R) নেতৃত্ব দায়ী নহ’ব ৷
আনহাতে চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাত সংগঠনটো সন্তুষ্ট বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ অস্ত্ৰ বিৰত ঘোষণা কৰাৰ পূৰ্বে সংগঠনটোৰ ৭৭ গৰাকী নেতা/কেডাৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি সংগঠনটোৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷ সংগঠনটোৰ অধ্যক্ষ ৰাণ ৰংপিয়ে প্ৰথমতে সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পন কৰে আৰু শেষত সংগঠনটোৰ পতাকা অধঃনমিত কৰে ৷ সংগঠনটোৰ আটাইকেইগৰাকী শীৰ্ষ নেতাৰ উপস্থিত আজি সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰা হয় ৷












