![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ঘৰুৱা কাজিয়াৰ পৰিণতিত কাৰবি আংলং জিলাৰ বকলীয়াঘাটত এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ তিনি আলিত মোবাইল ফোন ৰিচাৰ্জ কৰাক কেন্দ্ৰ কৰি বিষ্ণু বৰ্মন নামৰ লোকজন নিজৰ নবৌৱেক মায়াৰাণী বৰ্মণৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ কাজিয়াই ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰাত উন্মাদ ৰূপ লোৱা বিষ্ণু বৰ্মনে এখন চিপ্ৰাঙেৰে নিজ নবৌৱেকৰ মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰে ৷
দেউৰেকৰ প্ৰহাৰত গুৰুতৰভাবে আহত মহিলাগৰাকীয়ে নিজ গৃহতে পিছত মৃত্যুক সাৱটি লয় ৷ আহত অৱস্থাত মহিলাগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘাতক বিষ্ণু বৰ্মনে পলায়নৰ চেষ্টা কৰে যদিও ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ঘাতক বিষ্ণুক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে দুটি কণ কণ শিশুৰ মাতৃ মায়াৰাণী বৰ্মনৰ হত্যাকাণ্ডৰ সময়ত স্বামী কৰ্মসূত্ৰে নাগালেণ্ডৰ ডিমাপুৰত আছিল ৷












