![]()
ছাইদুল ইছলাম
ডিফু : ডিফুৰ পৰা চুৰি হোৱা এখন মটৰ চাইকেল বোকাজান মহকুমাৰ হানজাংলাংচ’ত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা ইং ১৭ ছেপ্তেম্বৰত ডিফু মাটিপুং নিৱাসী ৰত্ন তিমুঙে তেওঁৰ পত্নীসহ নিজৰ A/F বুলেট মটৰ চাইকেলখনলৈ বিৰলাত বিশ্বকৰ্মা পূজা উদযাপন কৰিবলৈ যায় ৷ বুলেটখন ৰাস্তাৰ কাষত থৈ দম্পতিহাল পূজা উপভোগ কৰি ঘূৰি আহি উক্ত স্থানত দেখা নাপায় ৷ এই সন্দৰ্ভত ডিফু থানাত ৰত্ন তিমুঙে দিয়া এজাহাৰৰ ভিত্তিত ডিফু থানাত ২৭৩/২০২১ নম্বৰত গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখে ৷
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে বোকাজান মহকুমাৰ হানলাংচত পৰিত্যক্ত অৱস্থাত মটৰ চাইকেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সুযোগ বুজি চোৰটো পলাই যাবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে ডিফু থানাৰ অ’চি জে খবুঙে স্থানীয় ভিডিপি সকলক চোৰৰ বিৰুদ্ধে শতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ৷













