লংকাৰ পৰা মনোজ কুমাৰ পাঠক
মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছত ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্তৰ নেতৃত্বত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে ২৬ জনকৈ দালালক। জিলা উপায়ুক্তই আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত দিয়া এজাহাৰ ভিত্তিতে হোজাইৰ যমুনামুখ আৰক্ষী চকীত ৯৫/২১, মোৰাঝাৰ আৰক্ষী থানাত ৫২৫/২১, হোজাই আৰক্ষী থানাত ৬৩৫/২১, ডৱকা আৰক্ষী থানাত ৪৮৭/২১ আৰু লংকা আৰক্ষী থানাত ৬৪৭/২১ নম্বৰত ৰুজু হয় পৃথকে পৃথকে গোচৰ।
উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে হোজাই জিলাৰ বিভিন্ন স্থানৰ পৰা আটক কৰে ২৬ জন দালালক । যমুনামুখৰ পৰা আটক কৰা চাৰিগৰাকী ক্ৰমে মুকুল দে আনোৱাৰ হোছেইন, ফাৰুক আহমেদ, মিথুন চন্দ। হোজাইৰ আৰক্ষীয়ে ৯ গৰাকী আটক কৰে নাম ক্ৰমে আলি ৰাজা, তয়বুৰ ৰহমান, ৰাজিব চাহু, ইব্ৰাহিম আলি, পল্টন ৰয়, কলিম উদ্দিন, নিজামুদ্দিন চৌধৰী, হানচিং তেৰন, ধ্ৰুৱজ্যোতি শৰ্মা, মৌৰাঝাৰ পাঁচগৰাকী ক্ৰমে মুতুজা আহমেদ, হিল্লাল উদ্দিন, ৰেহান উদ্দিন, আজিম উদ্দিন, ফকৰুল ইছলাম। ডৱকাৰ পৰা আটক কৰা চাৰিগৰাকী ক্ৰমে আজিজুৰ ৰহমান, নজৰুল ইছলাম চৌধৰী, হিল্লাল উদ্দিন বাৰভূঞা আৰু আফতাব উদ্দিন লস্কৰ। লংকা আৰক্ষীয়ে আটক কৰা চাৰিগৰাকীৰ নাম ক্ৰমে দেৱাশিষ ধৰ, কমৰুল ইছলাম বাৰভূঞা, আফতাৱ উ্দ্দিন আৰু গোপাল শীল। তাৰে তিনিগৰাকী শিক্ষক আৰু দুগৰাকী সাংবাদিক বুজি জানিব পৰা গৈছে।
পিছত কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজেৰে ২৬ জনক দালালক অনা হয় শংকৰদেৱ নগৰৰ আদালতলৈ। আদালতত হাজিৰ কৰা পিছত আটাইকেইজন দালালক আই পি চি ১২০(বি)-৪০৬/৪০৯/৪২০/৪৬৮/৫৭১ ধাৰাত শংকৰদেৱ নগৰৰ আদালতে প্ৰেৰণ কৰিছে ন্যায়িক জিন্মালৈ।