![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ডৰ কাৰবি আংলং জিলা সীমান্তক ড্ৰাগছ মাফিয়াসকলে বাৰম্বাৰ নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰাৰ পিছতো এনে মাফিয়াসকলে পুণৰ এনে দুঃসাহস কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি পুৱাৰ ভাগত খটখটী থানাৰ অন্তৰ্গত খটখটী এছ বি আই ব্ৰাঞ্চৰ সন্মুখত নিয়মীয়া নাকা তালাচী কালত আৰক্ষীয়ে ডিমাপুৰৰ পৰা আহি থকা AS12AC3477 এখন বাছত তালাচী চলাই এজন যাত্ৰীৰ পৰা প্ৰায় ৫ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত গোলাঘাট জিলাৰ বৰপথাৰ থানা এলেকাৰ মাটিখোলা বৰপথাৰ শিঙিমাৰীৰ স্বৰ্গীয় মহেশ্বৰ শইকীয়াৰ পুত্ৰ পোণাকণ শইকীয়াক আটক কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখযোগ্য যে ড্ৰাগছ মাফিয়াই অসম-নাগালেণ্ডৰ কাৰবি আংলং সীমান্তৰে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বাবে যিমানেই অপচেষ্টা অব্যাহত ৰাখিছে ইয়াৰ সমান্তৰালকৈ আৰক্ষীও এনে মাফিয়াৰ বিৰৱদ্ধে অধিক কঠোৰ হৈ পৰিছে ৷












