লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ ডবকাত ইৰাণী গ্ৰুপৰ সদস্যলৈ যোৱাকালি নিশা আৰক্ষীয়ে গুলি চালনা কৰা সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থৰ মন্তব্য।
হোজাই চহৰত ইৰাণী গ্ৰুপৰ সদস্যই যোৱা কালি এখন পালচাৰ বাইকত আহি দিনৰ ভাগত হোজাইৰ এজন ব্যক্তিৰ পৰা ৭০ হাজাৰ টকা থাপ মাৰি লৈ পলায়ন কৰিছিল।
উক্ত গেংগসহ দুই ইৰাণী গ্ৰুপৰ ওপৰত শোণিতপুৰ আৰক্ষীয়েও চলাই আছিল অভিযান। অভিযান কালত কিছু মোৱাইল নম্বৰ লাভ কৰিছিল হোজাই আৰক্ষীয়ে। হোজাই আৰক্ষীয়ে মোৱাইল নম্বৰৰ স্থান ট্ৰেচ কৰি নগাঁৱৰ সমীপৰ পৰা আটক কৰে ইৰাণী গ্ৰুপৰ সদস্য আকাশ যাদৱৰ ওৰফে আকাশ গোৱালা নামৰ ব্যক্তি এজনক ।
আকাশ যাদৱৰ পৰা ৫৬ হাজাৰ টকা জব্দ কৰে হোজাই আৰক্ষীয়ে । পিছত হোজাই আৰক্ষীৰ সোধপোছত, আকাশৰ লগত থকা ব্যক্তিজনক আৰক্ষীৰ হাতত ধৰাই দিম বুলি কৈ আকাশে মিছা কৈ বাহিৰলৈ যাব লাগিছে বুলি কৈ গাড়ী লাহে লাহে যোৱাত, গাড়ীতেই আৰক্ষী কনিষ্টৱল এজন গতা মাৰি পলাবলৈ চেষ্টা কৰে।
পিছত, হোজাই আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উপায়ুন্তৰ হৈ আকাশলৈ গুলি নিক্ষেপ কৰে।
আঘাট প্ৰাপ্তৰ পিছত আকাশক প্ৰথমে যোৱা কালি নিশা নগাঁওৰ ভোগেশ্বৰী ফুকননী চৰকাৰী চিকিৎসালয় প্ৰেৰণ কৰা হয় যদিও পৰবৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে নিয়া হয়।
উল্লেখ যে, ২০২০ চনতো একেই কাণ্ড কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আকাশ।