ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শান্তি আলোচনাৰ বাবে DNLAৰ এখোজ

শান্তি আলোচনাৰ বাবে  অহা তিনি শীৰ্ষ নেতাক চৰকাৰ-প্ৰশাসনৰ আদৰণি

News Desk by News Desk
September 24, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : তিনি পাৰ্বত্য জিলাত ডিমাছা নেছনেল আৰ্মী চমুকৈ ডিএনএলএই বিগত আঢ়ৈ বছৰ ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহাৰ পিছত সংগঠনটোৰ তিনি গৰাকী শীৰ্ষ নেতাই আজি মূল সূতিলৈ ঘূৰি আহি শান্তি আলোচনাৰ বাবে এখোজ আগুৱাই আহিছে ৷ অসমৰ প্ৰায়বোৰ সহস্ৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণৰ জৰিয়তে শান্তি আলোচনাত চামিলহৈ মূল সূতিলৈ ঘূৰি অহাৰ পিছতে পাৰ্বত্য জিলাৰ অন্যতম আৰু দুৰ্ধৰ্ষ সহস্ৰ উগ্ৰপন্থী সংগঠন ডিএনএলএই মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে লোৱা পদক্ষেপে অসমৰ পৰা উগ্ৰপন্থীৰ সমস্যা নোহোৱা হোৱাৰ কথা স্পষ্ট হৈ পৰিছে৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা ৪ ছেপ্তেম্বৰত কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ কৰা পিছত তাৰ তিনিদিনৰ পিছতেই একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷ ইয়াৰ প্ৰতি চৰকাৰৰ ইতিবাচক সঁহাৰি পিছত আজি সংগঠনটোৰ শীৰ্ষনেতৃত্বই আলোচনাৰ বাবে পথ প্ৰশস্থ কৰে ৷ আজি ধনশিৰিৰ দাউজিফাঙৰ কমিউনিটি হলত সংগঠনটোৰ অধ্যক্ষ ইটিকা ডিফুচা, সচিব প্ৰীতমজিত জিদুঙ ওৰফে কালাও ডিমাচা কছাৰী আৰু অতিৰিক্ত সেনাধ্যক্ষ জুদ্দিচন হাফলংবাৰ ওৰফে আমেৰিকা ডিফুচাক চৰকাৰ আৰু প্ৰশাসনৰ চৰফৰ পৰা মূল সূঁতিলৈ আদৰণি জনোৱা হয় ৷

এই উপলক্ষে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু, অসম আৰক্ষীৰ বিশেষ আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙ, বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথে বিদ্ৰোহী নেতা তিনিগৰাকীক আদৰণি জনায় ৷ অনুষ্ঠানটিত উপস্থিত থাকি প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী ৰণোজ পেগুৱে কয় যে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উগ্ৰপন্থী সংগঠনসমূহে মূল সুতিলৈ ঘুৰি অহাটো এক শুভ লক্ষণ ৷ পাহাৰীয়া জিলাখনত এতিয়া উন্নয়ণ আৰু প্ৰগতি হ’ব ৷ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান সম্ভৱ ৷ ডিএনএলএৰ সকলো দাবীৰ সমস্যা সমাধান কৰা হ’ব ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ডিএনএলএৰ অধ্যক্ষ ইটিকা ডিফুছাই কয়যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি আস্থা ৰাখিয়েই আলোচনালৈ অহাৰ বাবে ডিএনএলএই মন মেলিছে ৷ ডিএনএলএত এতিয়া প্ৰায় তিনিশ গৰাকী কেডাৰ আছে বুলি জনায় ৷ আদৰণি অনুষ্ঠাৰ পিছতেই তিনিগৰাকী নেতাক গুৱাহাটীলৈ লৈ যোৱা হয় ৷

ইয়াৰোপৰি দাউজিফাঙৰ কমিনিউটি হলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে নেতা তিনি গৰাকীক গামোছাৰে আদৰণি জনায় ৷ আজিৰ অনুষ্ঠানত মধ্য মণ্ডলৰ ডিআইজি সত্যৰাজ হাজৰিকা, কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু স্থানীয় ইএম প্ৰদীপ ডিফুচা উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx