![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : এসময়ৰ সন্ত্ৰাস জৰ্জৰিত কাৰ্বি ভূমিত এতিয়া শান্তিৰ বন্যা। চলিত মাহৰ চাৰি তাৰিখে দিল্লীত পাৰ্বত্য জিলা কৰ্বিআংলং তথা পশ্চিম কাৰ্বিআংলঙত সন্ত্ৰাসৰ সৃষ্টি কৰি থকা ৬টাকৈ উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰি মূল সুঁতিলৈ ঘুৰি অহাত সমগ্ৰ পাৰ্বত্য জিলা দুয়োখনতে যথেষ্ট উৎফুল্লিত হৈ পৰাৰ পৰিলক্ষিত হৈছে। লগতে এই শান্তি সম্প্ৰীতিৰ দ্বাৰা পাৰ্বত্য এলেকাত অধিক উন্নয়নৰ সপোন ৰচিছে জিলাবাসীয়ে। জনসাধাৰণৰ এই উদ্দেশ্য আগত ৰাখি কাৰ্বি পৰিষদে প্ৰতিটো পৰিষদীয় সমষ্টিত অনুষ্ঠিত কৰিছে “শান্তি আৰু প্ৰগতিৰ সভা। তাৰে অংশ হিচাপে সোমবাৰে ১নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভকচুঙত অনুষ্ঠিত কৰে শান্তি আৰু প্ৰগতিৰ এক বিশাল জনসভা। সমষ্টিটোৰ এম.এ.চি প্ৰভাত চন্দ্ৰ তাৰা’ৰ তত্বাৱধানত অনুস্থিত হোৱা উক্ত সভাখনিত কাৰ্বিপৰিষদৰ CEC তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় বিধায়ক ৰূপছিং টেৰণ, হাঁওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, জিলা বিজেপিৰ সভাপতি ৰূদীপ ৰংহাং, পৰিষদৰ ই.এম.প্ৰদীপ ৰংপি, মাধূৰ্য্য ঢেকীয়াল ফুকন আদি বহুকেইজন পৰিষদীয় ই.এম তথা এম.এ.চি.ও উপস্থিত থাকে।
উল্ল্যেখ্য যে, উক্ত সভাতে বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক পৰিয়ালে নিজ নিজ. দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়ে।
আনহাতে সভাৰ আগমুহূৰ্তত পৰিষদৰ চি.ই.এম গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ভকচুং হৰ্ণবীল ক্ৰীড়া সন্থাৰ ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পটোৰ লগতে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা বহুকেইটা আঁচনিৰ শুভ উদ্বোধন কৰে। সভাৰ অন্তত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত চি.ই.এম তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বিআংলঙৰ সীমান্তবৰ্তী অঞ্চলতো এক হাজাৰতকৈও অধিক লোকে কাৰ্বিআংলঙৰ ভূমি বেদখল কৰি আছে। উক্ত স্থানতো অতিশীঘ্ৰে উচ্ছেদ অভিযান চলোৱা হ’ব।












