![]()
নিউজ ডেস্কঃ
মহিলাৰ অন্তর্বাস চুৰি কৰাই আছিল তেওঁৰ চখ। সুযোগ বুজি কামফেৰা কৰিবলৈ অলপো পলম নকৰিছিল। লগতে অতি সুচাৰুভাৱে কামফেৰা কৰি পেলাইছিল তেওঁ। ঘটনাটো জাপানৰ।
চহৰৰ বিভিন্ন লন্ড্রি আছিল তেওঁৰ ‘চিকাৰ’ৰ স্থান। প্রায় প্ৰতি দিনেই বিভিন্ন লন্ড্রিৰ পৰা অভিযোগ আহিছিল অন্তর্বাস চুৰিৰ। কিন্তু চোৰ কোন ধৰিব পৰা নাছিল। ইফালে ক্রমে বাঢ়ি গৈছিল চুৰিৰ সংখ্যা। অদ্ভুত এই চোৰক ধৰিবলৈ অৱশেষত নামি পৰে আৰক্ষী।
কিন্তু চোৰকো মোৰে পায়! অয়টা চহৰৰ এখন লন্ড্রিৰ পৰা অন্তর্বাস চুৰি কৰিবলৈ গৈ হাতেলোটে ধৰা পৰে চোৰ। তেওঁৰ পৰা উদ্ধাৰ হয় ছয়যোৰা অন্তর্বাস।
আৰক্ষীয়ে জনাইছে, ধৃতকৰ নাম তেতসুয়ো উৰাতা। ছাপান্ন বছৰীয়া ব্যক্তিজনৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলাওতেই চমকি উঠে। দেখা যায়, এটি ঘৰৰ মজিয়াত শাৰী শাৰীকৈ সজোৱা আছে সাতশৰো অধিক মহিলাৰ অন্তর্বাস! সেই ছবি নেট মাধ্যমত প্ৰকাশ কৰিছে আৰক্ষীয়ে।
পিছে উৰাতাই প্রথম নহয়, ২০১৯-ত নিউজিলেণ্ডত এনে এক চুৰিৰ বাবে ভাইৰেল হৈছিল ৭৫ বছৰীয়া এজন ব্যক্তি।











