![]()
নিউজ ডেস্কঃ
ভাৰতৰ প্রাপ্তবয়স্ক জনসংখ্যাৰ ৭০ শতাংশ অর্থাৎ ৯১ কোটিৰো অধিক লোকে কৰোনাৰ প্রথম টীকা লাভ কৰা বুলি জনালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই। প্ৰায় ২৫ শতাংশ জনসংখ্যাক কৰোনাৰ দুটি পালি দিয়া বুলিও তেওঁ লগতে জনায়।
সোমবাৰে টুইট কৰে মনসুখে কয়, ‘শক্তিশালীভাৱে দেশত দ্রুত টীকাকৰণ হৈছে। ভাৰতৰ প্রাপ্তবয়স্ক জনসংখ্যাৰ ৭০ শতাংশই প্রথম টীকা লাভ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অতিমাৰিৰ বিৰুদ্ধে যুঁজত বৃহৎ ভূমিকা লৈছে ভাৰতে। এনেদৰেই আমি কৰোনাৰ বিৰুদ্ধে যুঁজিম।’
আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত ২৩ লক্ষ ৪৬ হাজাৰ ১৭৬ জনক টীকা দিয়া হৈছে। তাৰ ফলত সোমবাৰ পর্যন্ত মুঠ ৯১ কোটি ২২ লক্ষ ৬৬ হাজাৰ ৬৬৭ জনে টীকা লাভ কৰে। তাৰ ভিতৰত প্রথম টীকা লৈছে ৬৬ কোটি ২২ লক্ষ ৬৬ হাজাৰ ৬৬৭ জনে। দুটি টীকা লাভ কৰিছে ২৪ কোটি ৮৮ লক্ষ ১৩ হাজাৰ ৬৬২ জনে।












