আহিন তুমি অভিমানী বৰ
ক্ষীৰদা শইকীয়া দাস
এয়া যে আহিনৰ বতৰ
অ’ আকাশ তোৰ বুকুতেই
অভিমানী ডাৱৰ
নামি আহা ডাৱৰ
নিয়ৰকনা হৈ
আহিনৰ প্ৰথম পুৱাতে
জীপাল কৰা মোৰ
সাঁচতীয় মন
হে ডাৱৰ নামি আহা
সিঁচি দিয়া
হিয়া গলি যোৱা
শেৱালিৰ সুবাস
ৰাতিৰ নিৰ্জনতাত ।।।
***************************
তই তয়েই
(শ্ৰদ্ধাৰে সকলো নাৰীৰ হাতত )
উৎপল ভট্টাচাৰ্য
কাৰ চোতালত ফুলিলি শেৱালি
কাৰ চোতালত বিলাৱ সুঁবাস?
কাৰ চোতালত জ্বলাই থৈ হিয়াখন
কাৰ বাহি চোতাল সাৰিচ পুৱা?
কাৰ পিৰালীত এৰি চাৰি ভৰি
কাৰ বাবে গুজিলি চাৰিখন হাত,
দু-ওঁঠত আকি লোঁৱা কুলিৰ কোমল মাত
হেৰালেহি চোন কোনোবা অচিন বুকুৰ ছাঁত।
আয়েৰৰ আঁচলত এৰি থৈ পৰিচয়
কাৰ ঠিকনা হ’লিহি তই
ঠিকনা হেৰুৱাইও থাক স্থিৰহৈ
নালাগেনে বুকুত ভয়?
তই আই, তই বাই
তই পত্নী, তই ভগ্নী
তই কন্যা, তই যে ত্যাগৰ বন্যা।
তই তয়েই,
আছে জানো তোৰ তুলনা?
**********************************
অন্বেষণ জীৱনৰ
চন্দনা ভাগৱতী
পোহৰৰ অন্বেষণেই সঁচা জীৱন
সঁচা জীৱনৰ বাবেই পোহৰৰ অন্বেষণ
চেতন মনেহে অচেতন মনৰ
এন্ধাৰ দূৰ কৰে
মনৰ শব্দ,
কেতিয়াবা স্থাৱৰ, কেতিয়াবা অস্থাৱৰ
সকলো শব্দই বুকুৰ গভীৰত
অজানিতে এখন খেল পাতে
শব্দবোৰ কেতিয়াবা
বৰ অভিমানী হয়
অত্যাচাৰ কৰে বুকুৰ গভীৰত
অতি সংগোপনে
আচলতে,
দুচকুত চকু থলেই
বুজিব পাৰি
বাংময় জীৱনৰ মাদকতা
ব্যঞ্জনাপূৰ্ণ যেন,নন্দনকানন
সেয়ে, সাগৰসম গভীৰতাত ডুবে
জীৱন আজীৱন৷
***************************
নিমন্ত্ৰণ
প্ৰভাত কলিতা
আহক !
মানুহক ভালপোৱা মানুহবোৰ
এদিন একেলগ হঁও
যিদৰে একেলগ হয়
উজানৰ মাছ, পৰিভ্ৰমী চৰাই
অথবা জোনাকৰ পোহৰ।
যিকোনো ঠাইতেই হ’ব পাৰে
এই সন্মিলন
ভোগালীৰ শইচ তোলা পথাৰ
ম’হৰ যুঁজৰ থলি
বহাগৰ দুপৰীয়া যুৰীয়া আহঁতৰ তল
অথবা আঘোণৰ পূৰ্ণিমা ৰাতি
‘মহহো’ বা কোনো ‘অৰিমাগা’ চোতাল
যিকোনো ঠাইতেই হ’ব পাৰে
এই সন্মিলন।
সাগৰ মহাসাগৰেদি
উজাই বা ভটিয়াই আহক
অলেখ পালতৰা নাও
লুইতত মাৰক খুটি
গিৰিপথেৰে নামি আহক
খিলখিল হাঁহিৰে
এজাক পাহুৱাল যুটি ।
চাল বা চুলিৰ বৰণ নহয়
তেজৰ ৰঙেই হওক
অভ্যাগতৰ পৰিচয়।
আহক !
মানুহক ভাল পোৱা মানুহবোৰ
এদিন একেলগ হঁও।
খুলি পেলাও দেহৰ আভৰণ
মছি পেলাও মুখৰ ৰং।
হৈ পৰক পৃথিৱী
এখন গাঁও!
মানুহৰ গাঁও!!
দূৰভাষঃ ৯৪৩৫৩-১৯৭৯৮
**********************************
আড্ডাত আশাৰ ৰেঙণি
চম্পক ভট্টাচাৰ্য
চন্দ্ৰ সূৰ্য য’ত জ্যোতিষ্মান
মই মাথোঁ এটি কণ মাণি তৰা তাত
পপীয়া তৰা নহওঁ কেতিয়াও
কক্ষ পথ যে মোৰ সুদৃহৃ।
ভৱ সাগৰত যেন মই সাঁতুৰিছো
টঙিয়াল হৈ মই টঙিকে ৰখিছো
টান শামুকৰ খোলাত টুকুৰীয়াই মানিক বিচাৰিছো৷
চাৎমৰা পোহৰত সপোন বুটলো
ৰহঘৰাৰ ৰসেৰে
য’ত জীৱন ৰসাল হ’ব
ৰ’দৰ পিৰালিত আড্ডা পাগ ল’ব৷
কবিতাৰ সুবাসেৰে
বিশ্ব জিনিব
তামাম দুনিয়াই আমাক ৰ’ লাগি চাব৷
******************************
পূৰ্বৰাগত তুমি-মই
কিংকৰ দাস
সপোন দেখা যদি মোৰ দুচকুত
নবজাবা বাঁহীৰ বিষাদ সুৰ
চেঁচা পৰা মোৰ বুকুত
তোমাৰ তপত উশাহৰ সান্নিধ্যত
বিচাৰে মৰমৰ উম।
***************************
হেৰাই থাকিল সপোনৰ সপোনটো
কল্পনা শৰ্মা
জোনাক গচকি ওলাই আহে
হিম শীতল বতাহ এজাক
নিয়ৰৰ বৰষুণত জুৰুলি-জুপুলি হৈ
আহিনৰ তলসৰা শেৱালীৰ দৰে
সৰি পৰে মাটিৰ বুকুত
আকাশলে মূৰ তুলি চাই
মনত পৰে, শৈশৱত লগৰীয়াৰ স’তে
চিলা উৰোৱাৰ কথা
যৌৱনত, হালধীয়া পথাৰত
প্ৰেয়সীৰ স’তে কটোৱা
আবেগ মধুৰ মূহুৰ্তবোৰৰ কথা !!
সপোনবোৰ সজাব লওঁতেই
ভাগি-চিগি সুলকি পৰিল
বতাহজাকৰ বুককুৱেদি৷
**********************************
জলমগ্নৰ দৃশ্য
ৰাশ্বেল চৌধূৰী
জলমগ্নৰ পৰা উঠি আহো
পেচাদাৰী মাছমৰীয়াৰ বৰশীৰ টোপত
পাচফালৰ পৰা কোনেবাই ঠেলিদিয়ে
ধূলিময় পৃষ্ঠালৈ
মই চু়ই দিবও নোৱাৰো
ভয় লাগে
টুকুৰা টুকুৰ হাড়ৰ বিষ
আৰু তেজৰ কেঁচা গোন্ধৰ বাবে নহয়
ভয় লাগে,
যদি ধূলিবোৰ একেলগে উৰি আহে
আৰু মই অন্ধ হৈ যাওঁ
যদি অপাৰেচনৰ বাবে লৈ গৈ
হাতত এটা পাত্ৰ দি
মোক বহাই থয়
গনেশ গুৰিৰ চাৰি আলিত !
পিতাই কৈছিল-
কিছুমান পৃষ্ঠা পঢ়িবই লাগিব
য’ত চল্লিছ কিলোগ্ৰামৰ কবিতা আছে
মোৰ ভয় লাগে
যদি অৰ্থটোৰ বিকৃতি হয়
আৰু ভাবি লওঁ
এটা চুইচাইড নোট
তাত যে বৰ্ণ নাই
আছে ৰং
ভাষা নাই
আছে চিত্ৰ
কাহিনী নাই
সংলাপ নাই
মাথোঁ প্ৰতীক !!