![]()
নিউজ ডেস্কঃ
৩৫ ঘণ্টা আটক কৰি ৰখাৰ পিছত গ্রেপ্তাৰ কৰা হ’ল কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ঙ্কা গান্ধীক। গ্রেপ্তাৰ কৰে সীতাপুৰ থানাৰ আৰক্ষীয়ে। উত্তৰ প্রদেশ আৰক্ষীয়ে জনোৱা মতে, শান্তিভঙ্গৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে প্রিয়ঙ্কাক। যিটো গেষ্ট হাউছত প্রিয়ঙ্কাক আটক কৰি ৰখা হৈছিল, সেইটোকেই অস্থায়ী জে’ললৈ পৰিবৰ্তন কৰা হৈছে।
আৰক্ষী সূত্র মতে, প্রিয়ঙ্কাসহ ১১ জনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। তেওঁলোকৰ ভিতৰত কংগ্রেছ নেতা দীপেন্দ্র হুডা, অজয় কুমাৰ লাল্লুও আছে। তেওঁলোকৰ বিৰুদ্ধে ১৪৪ ধাৰা ভঙ্গৰ অভিযোগ দাখিল হৈছে। প্রিয়ঙ্কাৰ কাৰ্যালয়ৰ তৰফৰ পৰা অৱশ্যে এই পর্যন্ত একো জনোৱা নহ’লেও সূত্রৰ খবৰ অনুযায়ী, শীঘ্ৰেই তেওঁক আদালত হাজিৰ কৰোৱা হ’ব।












