![]()
নিউজ ডেস্কঃ
শৌচালয়ৰ পৰা মানুহ নহয়, ওলাই আহিছে সিংহ। সম্প্রতি এনে ধৰণৰ এক অবাক হ’বলগীয়া ঘটনা দেখা গ’ল বিদেশৰ এক অভয়াৰণ্যত। ইয়াৰে এটি ভিডিও ছচিয়েল মিডিয়াত বৰ্তমান তুমুল ভাইৰেল হৈছে। য’ত দেখা গাছে যে শৌচালয়ৰ দৰ্জা খুলি ওলাই আহিছে এটি সিংহ। তাৰ পিছত প্রথমতে দুয়োফালে ভালদৰে চাই লয় সিংহটোৱে। তাৰ পিছত গুৰু গম্ভীৰ খোজেৰে সোমাই যায় হাবিৰ ভিতৰলৈ।
অভয়াৰণ্যলৈ অৰণ্য চাফাৰিলৈ যোৱা কোনো পর্যটকে উক্ত মুহূৰ্তৰ ভিডিও কৰে। যাক নেট মাধ্যমত প্ৰকাশৰ কেইঘণ্টামানৰ ভিতৰতেই ভাইৰেল হৈ যায়।












