![]()
নিউজ ডেস্কঃ
অনিয়ম, বিশৃঙ্খলা, যাৱতীয় খামখেয়ালি আৰু অস্বাভিৱক আচৰণৰ মাজতে নিয়মৰ সন্ধান উলিওৱা আৰু যথেষ্ট আগেভাগে তাৰ প্রায় নিখুঁত পূর্বাভাসৰ পথ দেখুওৱাৰ বাবে এইবাৰ পদার্থবিজ্ঞানত তিনিজনক দিয়া হ’ল নোবেল পুৰস্কাৰ। পুৰস্কৃত হ’ল তিনি দেশৰ ৩ বিজ্ঞানী।
আমেৰিকাৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছুকোৰো মানাবে, জার্মানীৰ মেক্স প্লেঙ্ক ইনষ্টিটিউট ফৰ মেটেৰিঅ’লজীৰ অধ্যাপক ক্লছ হাছেলমেন আৰু ইটালিৰ ৰোমৰ ছাপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ অধ্যাপক জিঅ’র্জিও পাৰিচি- পদার্থবিজ্ঞানত এই তিনি বঁটা বিজয়ীৰ নাম মঙ্গলবাৰে ঘোষণা কৰে নোবেল কমিটিয়ে।
‘দ্য ৰয়েল ছুইডিছ একাডেমি অব ছায়েন্সেছ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে এক কোটি ক্রোনাৰ (ছুইডিছ মুদ্রা) মূল্যৰ নোবেল পুৰস্কাৰৰ আধা ভাগ কৰি লৈছে ছুকোৰো মানাবে আৰু ক্লছ হাছেলমেনে। বাকী আধা লাভ কৰিছে জিঅ’র্জিও পাৰিচিয়ে।












