![]()
নিউজ ডেস্কঃ
এইবাৰ ইলেকট্রোমেগনেটিক পালছ ক্ষেপণাস্ত্র নিৰ্মাণ কৰিলে চীনে। শব্দতকৈ ছয়গুণ বেছি গতিসম্পন্ন এই ক্ষেপণাস্ত্রৰ লক্ষ্য দূৰত্ব ৩ হাজাৰ ২০০ কিলোমিটাৰৰো বেছি বুলি দাবী কৰা হৈছে। কেৱল সেয়াই নহয়, এই ক্ষেপণাস্ত্রই কোনো চহৰত ৰাসায়নিক বিস্ফোৰণ ঘটাই উক্ত চহৰৰ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ স্তব্ধ কৰি দিয়াৰো ক্ষমতা আছে।
বেইজিঙৰ একাডেমী অব লঞ্চ ভেহিকল টেকন’লজীৰ বিজ্ঞানীসকলৰ দাবী, এই ক্ষেপণাস্ত্র এনেদৰে নিৰ্মাণ কৰা হৈছে যে পৰ্যবেক্ষণৰ বাবে মহাকাশত যি আর্লি ৱার্নিং ছিষ্টেম আছে সেই ব্যৱস্থাৰো চকুত ধূলি মাৰিব পাৰে। উল্লেখ্য, আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশবোৰে উপগ্রহৰ জৰিয়তে সমগ্ৰ বিশ্বত নজৰ ৰাখে। ফলত পৃথিৱীৰ যিকোনো প্রান্তত কোনো ক্ষেপণাস্ত্র উৎক্ষেপণ হ’লে তাৰ নির্দিষ্ট সময় আৰু তথ্য তেওঁলোকৰ হাতলৈ যায়। ইয়াৰ জৰিয়তে তেওঁলোকে অনুমান কৰিব পাৰে যে উক্ত ক্ষেপণাস্ত্রই ক’ত আঘাত হানিবলৈ গৈছে। কিন্তু উক্ত ব্যৱস্থাকো নস্যাৎ কৰিব পাৰে বুলি দাবী কৰিছে বেইজিঙৰ উক্ত সংস্থাটোৰ বিজ্ঞানীসকলে।
কিন্তু কেনেদৰে কাম কৰিব এই ক্ষেপণাস্ত্রই?
লক্ষ্যস্থানত উপনীত হোৱাৰ পিছত উক্ত ক্ষেপণাস্ত্রৰ পৰা ৰাসায়নিক বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰে। ফ্লাক্স কমপ্রেচন জেনেৰেটৰৰ জৰিয়তে এক শ্বক এনার্জি সৃষ্টি হয়। যিয়ে ১০ ছেকেণ্ডৰ বাবে লক্ষ্যস্থানৰ বিভিন্ন যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিয়ে। য’ত এই ক্ষেপণাস্ত্রৰ আক্ৰমণ হ’ব তাৰ দুই কিলোমিটাৰ এলেকাৰ ভিতৰত সকলো যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ যাব। আৰু উক্ত এলেকাৰ সকলো বৈদ্যুতিক যন্ত্রপাতি ক্ষতিগ্রস্ত হ’ব।












