![]()
নিউজ ডেস্কঃ
ভাৰতীয় ৰে’লৰ কৰ্মচাৰীৰ বাবে সুখবৰ৷ উৎসৱৰ বতৰত অৰ্থাৎ দুৰ্গাপূজাৰ আগতে ৰে’ল বিভাগৰ ১১ লাখ কর্মচাৰীয়ে লাভ কৰিব দীপাৱলী বোনাছ। ভাৰতীয় ৰে’লে উক্ত কৰ্মচাৰীসকলক প্ৰদান কৰিব মুঠ ৭৮ দিনৰ বোনাছ। বুধবাৰে ৰে’ল মন্ত্ৰালয়ৰ উক্ত প্রস্তাৱত সন্মতি জনায় কেন্দ্রীয় মন্ত্ৰীসভাই। ২০২০-২১ বিত্তীয় বর্ষত ৰে’ল বিভাগৰ ১১ লাখ অনা-ৰাজপত্ৰিত কর্মচাৰীয়ে লাভ কৰিব উক্ত বোনাছ। কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে চৰকাৰৰ এই সিদ্ধান্তৰ কথা আজি ঘোষণা কৰে। উল্লেখ্য, ২০১৯-২০ বিত্তীয় বর্ষতো ৰে’ল বিভাগৰ ১১ লাখ ৫৮ হাজাৰ কর্মচাৰীক প্ৰদান কৰা হৈছিল ৭৮ দিনৰ বোনাছ। তাৰ বাবদ খৰচ হৈছিল মুঠ ২ হাজাৰ ৮১ কোটি ৬৮ লাখ টকা।












