![]()
নিউজ ডেক্স:
অৱশেষত বুধবাৰে দুপৰীয়া ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ লখিমপুৰলৈ যোৱাৰ অনুমতি দিলে উত্তৰ প্রদেশ চৰকাৰে। তাৰ লগতে ৫৯ ঘণ্টা আটক কৰি ৰখাৰ পিছত মুক্তি দিয়া হৈছে কংগ্রেছ নেত্রী প্রিয়ঙ্কা গান্ধীক।
যোগী চৰকাৰে জনাইছে যে ৰাহুল, প্রিয়ঙ্কাসহ মুঠ পাঁচজন লখিমপুৰলৈ যাব পাৰিব। ৰাহুল-প্রিয়ঙ্কাৰ সৈতে ছত্তীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল, পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ চৈন্নী আৰু ৰাজস্থানৰ কংগ্রেছ নেতা শচীন পাইলট লখিমপুৰলৈ যোৱা বুলি কংগ্রেছ সূত্রত খবৰ।
আনহাতে, উত্তৰ প্রদেশৰ মন্ত্রী সিদ্ধার্থ নাথ সিঙে জনাইছে যে পৰিস্থিতি কিছু শান্ত হ’লে মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পিছত ৰাজনৈতিক নেতাসকলৰ লখিমপুৰলৈ যাবলৈ দিয়া হ’ব।
উল্লেখ্য, দেওবাৰে উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰীত বিক্ষোভৰত কৃষকৰ ওপৰেদি গাড়ী চলাই চাৰিজনক হত্যা কৰাৰ অভিযোগ উঠে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আশিস মিশ্রৰ বিৰুদ্ধে।
অৱশ্যে উক্ত অভিযোগ অস্বীকাৰে কৰে অজয় মিশ্ৰই। তেওঁৰ প্ৰতি অভিযোগ, বিক্ষোভকাৰীসকলৰ হাতত তেওঁৰ গাড়ীচালক আৰু তিনিজন বিজেপি কর্মীৰ হত্যা হৈছে। দেওবাৰে নিশাতেই লখিমপুৰলৈ যোৱাৰ পথত আটক কৰা হয় প্রিয়ঙ্কাক। আটক কৰা হয় সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদৱকো।












